NORTHEAST NOW (Assamese)

গুৱাহাটী আই আই টিৰ উদ্যোগত ‘ৰিট্ৰেন্সফৰ্মিংএডুকেইশ্যন, ছায়েন্স এণ্ড টেকন’লজি’ শীৰ্ষক বিশেষজ্ঞ আলোচনাচক্ৰ

March 24, 2018 1:12 pm · এন ই নাও নিউজ
Updated: March 24, 2018 4:00 pm

গুৱাহাটী আই আই টিত মাৰ্চৰ ২৪-২৫ তাৰিখে ‘ৰিট্ৰেন্সফৰ্মিং এডুকেইশ্যন, ছায়েন্স এণ্ড টেকন’লজি’ শীৰ্ষক বিষয়ৰ ওপৰত প্ৰথম বাৰৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ আলোচনাচক্ৰ আয়োজন কৰা হৈছে।

এই বিশেষজ্ঞ আলোচনাচক্ৰখন ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফ’ৰ ছায়েন্স এণ্ড আৰ্টছ (ইগনা), উত্তৰ-পূৰ্বাঞ্চলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰতীয় শিক্ষণ মণ্ডল আৰু ৰিছাৰ্চ ফ’ৰ ৰিছাৰজেন্স ফাউণ্ডেশ্যনৰ সহযোগত আই আই টি গুৱাহাটীত থকা চেণ্টাৰ ফ’ৰ লেংগুইষ্টিক ছাইন্স এণ্ড টেকন’লজিয়ে যুটীয়াভাৱে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে।

গুৱাহাটী আই আই টিৰ তৰফৰ পৰা প্ৰকাশ কৰা সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে ‘উত্তৰ-পূৰ্ব ভাৰত-এ মিষ্টিক ৰিজিয়ন অব দ্য পেৰাডাইজ’ বিষয়ক সাৰোগত কৰি আয়োজন কৰা এই বিশেষজ্ঞ আলোচনাচক্ৰখনত প্ৰায় ৪০০গৰাকী পণ্ডিত আৰু গৱেষকে অংশগ্ৰহণ কৰাৰ কথা।

Related News