NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়ালে এপল’ হস্পিটেলে

Posted by: এন ই নাও নিউজ March 17, 2018 7:00 pm
গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়ালে এপল’ হস্পিটেলে

গুৱাহাটীৰ এপল’ চিকিৎসালয়ে গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত আজি শনিবাৰে সেৱা আগবঢ়ায়।

বিভিন্ন সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ মুঠ ৩০ গৰাকী লোকক এই মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াই মেডিচিন বিশেষজ্ঞ ডাঃ প্ৰবীন শইকীয়াই।

নাৰ্চ লুৱাংলেইমা আথ’কপাম, লেইচাংথেম আই সিং, ইমন দত্ত, সন্তোষ ৰায়ৰ লগতে চিকিৎসালয়খনৰ জন সম্পৰ্কৰক্ষী বিষয়া ৰশ্মিতা শৰ্মা ক্লিনিকটোত উপস্থিত আছিল।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল চায়েন্সেজে গুৱাহাটী প্ৰে’ছ ক্লাবত যোৱা বৃ্হস্পতিবাৰৰ ক্লিনিকটোত মহিলা সাংবাদিকৰ বাবে এক বিশেষ ফিজিঅ’থেৰাপি শিবিৰৰ আয়োজন কৰিছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।