NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত হাল বাই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি আৰু স্থানীয় ৰাইজে

Posted by: অভিক চক্ৰবৰ্তী March 17, 2018 6:55 pm
CMSS

মাৰ্ঘেৰিটা অঞ্চলৰ ব্লক তিনি আলিৰ মাজভাগতে ৩৮ নং ৰাষ্ট্ৰীয় পথটোৰ জৰাজীৰ্ণ অৱস্থা সত্ত্বেও প্ৰশাসনৰ নিস্পৃহতাৰ প্ৰতিবাদ তথা কটাক্ষ কৰি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটাৰ স্থানীয় লোকক লৈ ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে প্ৰতিবাদকাৰীসকলে পথত হাল বায় আৰু মাছ ধৰি দেখুৱায়।

‘মাৰ্ঘেৰিটা অঞ্চলত পথৰ অৱস্থা অতি শোচনীয়। যোৱা কিছুমাহ ধৰি ব্লক তিনি আলিৰ ওচৰত ৩৮ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈ মানুহক অত্যন্ত অসুবিধা দি আহিছে। পথৰ এই অৱস্থাৰ বাবেই কেইবাটাও দুৰ্ঘটনা হৈছে। তৎসত্ত্বেও প্ৰশাসনৰ কোনো কাণসাৰ নাই। গতিকে আমি পথৰ এই অৱস্থাৰ প্ৰতি প্ৰশাসনৰ নীৰৱতাৰ এইদৰে প্ৰতিবাদ কৰিছো।’ প্ৰতিবাদকাৰী স্থানীয় লোকসকলে কয়।

উল্লেখযোগ্য যে এই ৩৮ নং ৰাষ্ট্ৰীয় পথটোৱে অসমৰ সৈতে অৰুণাচল প্ৰদেশক সংযোগ কৰিছে আৰু দুয়োখন প্ৰদেশৰ অসংখ্য যান-বাহন এই শোচনীয় পথৰ ওপৰেৰেই চলি আছে।

‘বিজেপিয়ে মানুহৰ অভাৱ-অভিযোগসমূহৰ কোনো সমাধান দিব পৰা নাই। চৰকাৰখনে উন্নতমানৰ পথ-দলঙৰ কথা কৈছিল। কিন্তু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰে বাৰে কোৱা সত্ত্বেও পথটোৰ কোনো ব্যৱস্থা কৰা নহ’ল।’ এইদৰে কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে। তেওঁ কয় যে তেওঁলোকে তিনিচুকীয়া জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰও প্ৰদান কৰিছে। যদি সোনকালেই পথটোৰ মেৰামতি কৰা নহয়, তেন্তে তেওঁলোকে অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলিও ছাত্ৰ নেতাজনে জানিবলৈ দিয়ে।