NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৪০ কেজি গাঁজা উদ্ধাৰ ৰে’ল আৰক্ষীৰ

Posted by: এন ই নাও নিউজ April 28, 2018 1:01 pm
GANJA

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি ৰে’ল আৰক্ষীয়ে ৪০ কেজি পৰিমানৰ গাঁজা উদ্ধাৰ কৰে। ডিব্ৰুগড়ৰ পৰা চণ্ডীগড় অভিমুখী ৰে’লৰ প্ৰস্বাৱগাৰত এই গাঁজাখিনি উদ্ধাৰ কৰা হয়। এই সম্পৰ্কত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

গুৱাহাটীৰ ৰে’ল আৰক্ষীয়ে তেওঁলোকৰ নিয়মীয়া তালাচীৰ সময়ত উক্ত গাঁজা খিনি জব্দ কৰা বুলি জানিব পৰা গৈছে। গাঁজাখিনি ক’ৰ পৰা আৰু ক’লৈ নিবলৈ এনেদৰে অনা হৈছিল সেই বিষয়ে ৰে’ল আৰক্ষীয়ে কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়াকৈ অসমত এনেধৰণে নিষিদ্ধ গাঁজা সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজৰ পৰা বিশেষকৈ মণিপুৰৰ পৰা গুৱাহাটী হৈ বাহিৰলৈ গাঁজাকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত আছে। বিগত দুমাহত ৰে’ল আৰক্ষী আৰু ৰাজহ চোৰাংচোৱা বিভাগে গাঁজাৰ লগতে বৃহৎ পৰিমানৰ চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হৈছে।

ওদালগুৰি আৰক্ষীয়ে এক অভিযান চলাই যোৱা ১৪ এপ্ৰিলৰ নিশা ওদালগুৰিৰ লালপুল আৰক্ষী চকীৰ অধীনৰ লালপুল অঞ্চলত এখন খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাকত বৃহৎ পৰিমানৰ গাঁজা জব্দ কৰিছিল।

আৰক্ষীয়ে পুংখানুপুংখভাৱে তালাচী চলাই প্লাষ্টিকৰ বেগত বান্ধি অনা ৭৫ কিলোগ্ৰাম পৰিমানৰ সন্দেহযুক্ত গাঁজা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।এই ঘটনাৰ লগত জড়িত চাৰিজন লোকক আৰক্ষীয়ে আটক কৰিছিল।

নিচাযুক্ত দ্ৰব্যখিনি অৰুণাচল প্ৰদেশৰ কালাকটাঙৰ পৰা অনা হৈছিল বুলি আৰক্ষীয়ে জানিব দিছিল।

অৰুণাচল প্ৰদেশত ব্যৱসায়িক উদ্দেশ্যত গাঁজাৰ খেতি কৰাটো এতিয়া এটা নতুন ধাৰা হিচাপে উত্থান ঘটিছে।