NORTHEAST NOW (Assamese)

গেংটকত অনুষ্ঠিত স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টত ভুটানৰ আৰ্চাৰি দলৰ জয়লাভ

May 14, 2018 9:33 pm · সাগৰ চেত্ৰী

ভুটানৰ ইয়াংছে টৰ্ছ এণ্ড ট্ৰেভেল’এ গেংটকস্থিত ছিকিম আৰ্চাৰি এছচিয়েশ্যন (এছ এ এ)ৰ খেলপথাৰত অনুষ্ঠিত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টৰ বিজয়ী দলৰ খিতাপ দখল কৰে।

কালি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভুটানৰ দলটোৱে ছিকিমৰ ছিচেইআৰ্চাৰি দলক পৰাস্ত কৰে। ইয়াংছে টৰ্ছ এণ্ড ট্ৰেভেল’এ ৪৮ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে ছিচেই’ দলে ৩৪ পইণ্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ছিকিম আৰ্চাৰি এছচিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত ছিকিম, পশ্চিম বংগ আৰু ভুটানৰ মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনৰ বিজয়ী দলক ১ লাখ টকাৰ নগদ ধন আৰু বঁটাৰে পুৰস্কৃত কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলক ৫০,০০০ টকা আৰু বঁটা আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে পৰম্পৰাগত আৰ্চাৰি খেলৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে ছিকিম আৰ্চাৰি এছচিয়েশ্যনে প্ৰত্যেক বছৰে এই টুৰ্নামেণ্ট অনুষ্ঠিত কৰি আহিছে।

Related News