NORTHEAST NOW (Assamese)

গোৱালপাৰাত লাডেনৰ সন্ত্ৰাস, নিহত এগৰাকী মহিলা

June 17, 2018 12:41 pm · নীলমনি শর্মা
প্ৰতিনিধিত্বমূলক ফটো

গোৱালপাৰাত অব্যাহত আছে লাডেনৰ সন্ত্ৰাস ৷ আজি পুৱতি নিশা লাডেন নামৰ কুখ্যাত বন্যহস্তীটোৱে পুনৰ এগৰাকী মহিলাৰ প্ৰাণ ল’লে ৷

দুধনৈৰ সাৰাপাৰা ফুলগুৰিত এই ঘটনা সংঘটিত হয়। নিহত মহিলা গৰাকীৰ নাম তিলোত্তমা নাথ।

লাডেন নামৰ বন্যহস্তীটোৰ আক্ৰমণত এতিয়ালৈকে ত্ৰিশ জনৰো অধিক লোকে মৃত্যুক সাৱতি ল’ব ল’গা হৈছে ৷

আনহাতে, লাডেন নামৰ বন্যহস্তীটোৰ লগতে আন এটা বনৰীয়া হাতীয়ে নিশা দহ বজাৰ পৰা কুশধোৱা অঞ্চলত সন্ত্ৰাস চলায় ৷ গাওঁবাসীয়ে গোটেই নিশা ফটকা ফুটাই, জুই জ্বলাই হাতী দুটাক সেই অঞ্চলৰ পৰা খেদি পঠিয়ায়।

ইয়াৰ এটা হাতী পিছত পূব পিনে গুচি যায় যদিও লাডেন নামৰ হাতীটো পশ্চিম ফালে গৈ সাৰাপাৰা-ফুলগুৰি গাঁৱত সন্ত্ৰাস চলায় আৰু মহিলা গৰাকীক গচকি দিয়াৰ ফলতে মৃত্যু হয়।

Related News