NORTHEAST NOW (Assamese)
অসম

গ্ৰাম স্বৰাজ অভিযানৰ অধীনত হাফলঙত গ্ৰাম শক্তি অভিযান দিৱস পালিত

Posted by: পংকজকুমাৰ দেব April 28, 2018 5:19 pm

১৪ এপ্ৰিলৰ পৰা ৫ মে’ লৈকে দেশজুৰি অনুষ্ঠিত গ্ৰাম স্বৰাজ অভিযান আন আন ঠাইৰ লগতে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওটো পালন কৰা হয়।ইয়াৰ অংশ হিচাপে আজি হাফলঙত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ণ বিভাগৰ উদ্যোগত তথা এ পি ডি চি এলৰ সহযোগত গ্ৰাম শক্তি অভিযান দিৱস পালন কৰা হয়।

হাফলঙৰ জিলা গ্ৰন্থাগাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ অধীনত গাঁৱৰ কেইবাগৰাকী হিতাধীকাৰীৰ হাতত চেক তুলি দিয়াৰ লগতে বিনামূলীয়া গেছৰ সংযোগ দিয়া হয়।

অনুষ্ঠানটোত উপস্থিত থাকি জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত গ্ৰাম স্বৰাজ অভিযানৰ অন্তৰ্গত আঁচনিৰ পৰা সমাজৰ পিছ পৰা ৰাইজ উপকৃত হ’ব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে গ্ৰাম স্বৰাজ অভিযানৰ অধীনত প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধান মন্ত্ৰী উজালা যোজনা,সৌভাগ্য যোজনা, জনধন যোজনা আদিৰ দ্বাৰা বহু আৰ্থিক ভাৱে পিছ পৰা পৰিয়াল উপকৃত হৈছে।

আজিৰ এই অনুষ্ঠানটোত  জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ উপৰি এ পি জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা, ভাৰত চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অবৰ সচিব এইচ এইচ শুক্লা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব নৰেশ ঘোষ, হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু, প্ৰধানমন্ত্ৰী উজালা যোজনাৰ ডিস্ট্ৰিক্ট নডাল অফিচাৰ বাচুদেব ছিটেকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়-ববীয়া উপস্থিত আছিল

এ পি জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰ কথা কোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে উক্ত আঁচনি সমূহৰ সুবিধা লাভ কৰে তাৰ বাবে সংশ্লিষ্ট বিভাগক ৰাইজৰ লগত এক ভাল সম্পৰ্ক ৰক্ষা কৰিবলৈ আহ্বান জনায়।