NORTHEAST NOW (Assamese)

চামগুৰি দক্ষিণ পাটত দুঘৰ্টনাত পতিত ট্ৰাকৰ পৰা শতাধিক চাহপাত বেগ হৰলুকি

July 11, 2018 11:09 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভেলেউগুৰিৰ দক্ষিণ পাটত আজি পুৱা সংঘটিত হোৱা দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত দুজন লোক আহত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত চাহপাত বেগ ভৰ্তি ট্ৰাকৰ পৰা শতাধিক বেগ হৰলুকি হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৫ বজাত ভেলেউগুৰিৰ দক্ষিণ পাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকিয়াৰ পৰা শতাধিক চাহপাতৰ বেগলৈ গুৱাহাটী অভিমুখে আহি থকা এ এছ-০১ জে চি-২৭৯১ নম্বৰৰ ট্ৰাকখনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা চিমেন্ট ভৰ্তি এ এছ-০৯ এ চি-২১০৭ নম্বৰৰ  ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ ঘটে।

চিমেন্ট ভৰ্তি ট্ৰাকখন গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। আনহাতে, দুৰ্ঘটনাটোৰ ফলত দুয়োখন ট্ৰাকৰ দুই ট্ৰাকচালক আহত হয়।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীৰ কাষত পৰি থকা আহত দুই ট্ৰাকচালক ক্ৰমে সুৰজিৎ সিং গিলান আৰু খয়া গোৱালাক উদ্ধাৰ কৰি  চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

আনহাতে ঘটনাস্থলীত চামগুৰি আৰক্ষী গৈ পোৱাৰ আগতেই একাংশ সুবিধাভোগী লোকে চাহপাত ভৰ্তি  ট্ৰাকখনৰ পৰা শতাধিক বেগ হৰলুকি কৰাত আৰক্ষীয়ে ৫ শতাধিক চাহপাত বেগৰ মাত্ৰ ৮৬ টা বেগহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related News