NORTHEAST NOW (Assamese)
অসম

চামগুৰি পক্ষী তীৰ্থ বিলত মথাউৰি ছিগি ওলাই গ’ল লক্ষাধিক টকাৰ মাছ

Posted by: বিদ্যুত জ্যোতি বৰা July 15, 2018 9:55 am
পক্ষী তীৰ্থ বিল

কেইবাদিন ধৰি নেৰনেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ পক্ষী তীৰ্থ চামগুৰি বিলৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বিলখনৰ উত্তৰ দিশৰ মথাউৰি বান্ধটো ছিগি যোৱাৰ ফলত লক্ষাধিক টকাৰ মাছ কলং সুঁতিলৈ ওলাই যোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে কলং সুঁতি ফেনে ফুটুকাৰে বাঢ়ি অহাৰ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুণৰ ফলত বিলখনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে মথাউৰিৰ বান্ধ ছিগি যায়।

উল্লেখযোগ্য যে বিলত প্ৰতি বছৰে বাঢ়নী পানী সোমাই মহলদাৰক আৰ্থিক ভাৱে জুৰুলা কৰাৰ লগতে কাষৰ খেতি ভূমিৰ বিস্তৰ ক্ষতি কৰি আহিছে।

এইবাৰো  শুকুৰবাৰে নিশা বিলখনৰ উত্তৰ দিশৰ মথাউৰি বান্ধ ছিগি যোৱাত কলঙৰ পানীলৈ লক্ষাধিক টকাৰ মাছ ওলাই যোৱা বুলি বিলখনৰ মহলদাৰ পৰেশ বৰ্মন আৰু ভূমিধৰ দাসে সদৰী কৰে।

এইদৰে বিলখনৰ পৰা মাছবোৰ ওলাই যোৱাত মহলদাৰে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। কিয়নো ইয়াৰ বাবে গাঁঠিৰ ধন ভাঙি মাছ পোহা মহলদাৰে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।