NORTHEAST NOW (Assamese)
অসম

চালকৰ ভুৱা অনুজ্ঞা পত্ৰ যোগান ধৰা তিনিজনক আটক হোজাই আৰক্ষীৰ

Posted by: এন ই নাও নিউজ July 16, 2018 9:42 pm

হোজাই আৰক্ষীয়ে আজি এক অভিযান চলাই চালকৰ ভুৱা অনুজ্ঞা পত্ৰ প্ৰস্তুত কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয়। অভিযানকালত আৰক্ষীৰ জালত তিনিজন সদস্য পৰে।

উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা চালকৰ অনুজ্ঞাপত্ৰ কম খৰচত আনি এক দুষ্ট চক্ৰৰ দলে হোজাইত খোপনি পুতি চালক সকলক যোগান ধৰি আহিছিল।

ফলত আজি হোজাই আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই তিনিজন সদস্য ক্ৰমে সোমেশ্বৰ নাথ, মতি চৌহান আৰু চাহেব আলীক আটক কৰে। জানিব পৰা মতে আটকাধীন কেইজনৰ ভিতৰত চাহেব আলী ভুৱা অনুজ্ঞাপত্ৰ যোগানৰ মূল ব্যক্তি।

ইতিমধ্যে আৰক্ষীয়ে ধৃত লোক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৬৮/৪৭১ আৰু ৩৪১ ধাৰাৰ অধীনত ৫১০/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে।

মন কৰিব লগীয়া যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক দুষ্ট চক্ৰই নাগালেণ্ডৰ পৰা কম খৰচত চালকৰ অনুজ্ঞা পত্ৰ আনি ব্যৱসায় চলাই আহিছে।