NORTHEAST NOW (Assamese)

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধৰ আহ্বান

February 27, 2018 1:31 pm · এন ই নাও নিউজ
Updated: February 27, 2018 1:34 pm
প্ৰতিনিধিত্বমূলক ছবি

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে।

ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি কৰা চূড়ান্ত প্ৰৱঞ্চনা, প্ৰতাৰণাত অতিষ্ঠ হৈ সমিতিয়ে এই কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে সমিতিখনে।

এই সন্দৰ্ভত এক বিবৃতিযোগে যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক বিবেক দাসে কয় যে  চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত বিগত সময়ছোৱাত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।কিন্তু চৰকাৰে শ্ৰমিকসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিলে।

ৰাজ্য চৰকাৰে এখন মজুৰি উপদেষ্টা ব’ৰ্ড গঠন কৰিছে যদিও চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ হকে মাত মাতি থকা ট্ৰেড ইউনিয়নসমূহক এই বৰ্ডত অন্তৰ্ভুক্ত কৰা নাই।

তেওঁ লগতে কয় যে ভাৰতৰ আন ৰাজ্যৰ চাহ শ্ৰমিকে লাভ কৰা মজুৰিৰ সমহাৰত অসমৰ চাহ শ্ৰমিকক মজুৰি প্ৰদান কৰিব বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল।কিন্তু এই প্ৰতিশ্ৰুতি চৰকাৰখনে পালন নকৰিলে।

এতিয়া মজুৰি উপদেষ্টা ব’ৰ্ডৰ নামত চৰকাৰে ভেঁকোভাওনাৰ আশ্ৰয় লৈছে বুলি উল্লেখ কৰি দাসে কয়- চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫০ টকাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।

উল্লেখ্য যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত যোৱা বৰ্ষৰ ২৭  নৱেম্বৰৰ পৰাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে যৌথ সংগ্ৰাম সমিতিয়ে।

এনে কাৰ্যসূচীৰ অংশ হিচাপে অহা ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধ কাৰ্যসূচী পালন কৰা হ’ব বুলি যৌথ সংগ্ৰাম সমিতিয়ে বিবৃতিটোত উল্লেখ কৰিছে।

Related News