NORTHEAST NOW (Assamese)

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন

January 22, 2018 7:18 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ এখন স্থায়ী সমিতিয়ে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰে। সমিতিখনৰ অধ্যক্ষ তথা লোকসভা সাংসদ ডঃ মনোজ ৰাজৰিয়াৰ নেতৃত্বত অহা সমিতিখনে ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰীক লগ কৰি অসমলৈ তেওঁলোক অহাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰে।

সমিতিখনে চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ আৰু অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে অধ্যয়ন কৰি সংসদত দাখিল কৰাৰ বাবে এক প্ৰতিবেদন প্ৰস্তুত কৰিব।

এই বৈঠকত সমিতিৰ সদস্যসকলে মুখ্যমন্ত্ৰীক তেওঁলোকৰ কাৰ্য্যক্ষমতাৰ বিষয়ে আৰু তেওঁলোকৰ অধ্যয়নটোৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে।

মুখ্যমন্ত্ৰী সোনোৱালে তেওঁলোকক আদৰণি জনাই ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ সম্পৰ্কে সমিতিখনক অৱগত কৰে।

সমিতিখনৰ অন্যান্য সদস্যসকল হ’ল কে সোমাপ্ৰসাদ, ডঃ কে কামৰাজ, জে জে টি নেতাৰ্জি আৰু থাংচ’ বাইতে।

Related News