NORTHEAST NOW (Assamese)
অসম

চৰাইদেউৰ গুলীচালনাত জড়িত আলফা (স্বা) কেডাৰ আটক : অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ

Posted by: অভিক চক্ৰবৰ্তী/অক্ষয় প্ৰনৱ কলিতা May 5, 2018 5:58 pm
MQ1-570x320

আজি চৰাইদেউ জিলাত সেনাৰ ডাও ডিভিজনৰ সহযোগত সাপেখাটীস্থিত সেনা শিবিৰ আৰু সাপেখাটী আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আলোচনা বিৰুদ্ধী আলফা (স্বা)ৰ এজন শীৰ্ষ কেডাৰৰ কবলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰে।

আটকাধীন আলফা (স্বা)ৰ কেডাৰজনক চৰাইদেউ জিলাৰ বৰহাগাঁৱৰ বাসিন্দা নিৰ্মল খাকলাৰি ওৰফে নিৰ্মল অসম বুলি চিনাক্ত কৰা হৈছে।

সেনাৰ এক সূত্ৰই জনোৱা অনুসৰি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলোৱা উক্ত যুটীয়া অভিযানটোত আলফাৰ দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা এটা এম কিউ ৮১ এছাল্ট ৰাইফল, দুটা মেগজিন আৰু ৭৮ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

আনহাতে ধৃত নিৰ্মল খাকলাৰি যোৱা ২৩ এপ্ৰিলত চৰাইদেউ জিলাৰ সাপেখাতীৰ এটা পেট্ৰল পাম্প আৰু কানুবাৰী চাহ বাগিচাত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নিষিদ্ধঘোষিত সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। কম সময়ৰ ভিতৰতে সংগঠনটোৰ কেডাৰ আটক কৰা এইটো ৩য়টো ঘটনা।