NORTHEAST NOW (Assamese)

ছাৰভাইভেল নাগালেণ্ডৰ এন এছ চি এন আই এম (NSCN-IM‍)ৰ পৰা স্পষ্টীকৰণ আহ্বান

December 1, 2017 3:57 pm · এন ই নাও নিউজ ব্যৰো:

ডিমাপুৰ পুলিচে এন এছ চি এন আই এমৰ দুজন অনা নগা কেদাৰ আটক কৰাৰ এক বাতৰি প্ৰকাশ হোৱাত ছাৰভাইভেল নাগালেণ্ডে এন এছ চি এন আই এমৰ পৰা নাগালেণ্ডৰ জাতীয় আন্দোলনত অনা নগাৰ কি অৱদান আছিল তাৰ এক স্পষ্টীকৰণ বিচাৰে।
বাতৰি সূত্ৰে প্ৰকাশ যে যোৱা ২১ নৱেম্বৰত ডিমাপুৰ পুলিচে কৰ সংগ্ৰহ কৰিবলৈ অহা কবিৰ আহমেদ ওৰফে ৰাজা পেগু আৰু নজমূল ইছলাম নামৰ দুজন অনা নগা এন এছ চি এন আই এমৰ কেদাৰ গ্ৰেপ্তাৰ কৰে, লগতে আটকাধীন কেদাৰ দুজনৰ পৰা এটা .৩২ পিষ্টল, ৫ জাঁই গুলী ২৫৮০ স্পাছম’ প্ৰক্সিভ’ন কেপচুল আৰু জাল বহি জব্দ কৰা হয়।
নাগালেণ্ডত নীৰৱে হৈ থকা অবৈধ অনুপ্ৰৱেশৰ বিষয়টোক উত্থাপন কৰিবলৈ গঠন হোৱা ছাৰভাইভেল নাগালেণ্ডে এক প্ৰেছ বিবৃতি যোগে মন্তব্য কৰে যে যদিহে নাগালেণ্ডৰ জাতীয় প্ৰশ্নত সন্দেহজনক লোকক নিয়োগ কৰিবলৈ লোৱা হয় তেন্তে নগাসকলে সার্বভৌমত্বৰ দাবী বাদ দিয়া উ্চিত । প্ৰেছাৰ গ্ৰুপটোৱে এন এছ চি এন আই এমত অনা নগা লোকক নিয়োগ কৰাত আশ্চর্য প্ৰকাশ কৰাৰ লগতে কিহৰ ভীত্তিত এই বাচনি প্ৰক্ৰিয়া কৰা হ’ল তাক স্পষ্ট কৰিবলৈ এন এছ চি এন আই এমৰ কর্তৃপক্ষক দাবী জনাইছে।

Related News