NORTHEAST NOW (Assamese)
ক্ৰীড়া

ছিকিমত আজিৰ পৰা মুখ্য মন্ত্ৰী গ’ল্ড কাপ আৰ্চাৰী টুৰ্ণামেণ্ট

Posted by: সাগৰ চেত্ৰী April 22, 2018 8:44 pm
sikim archery

আজিৰ পৰা ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ টথাংছেন আৰ্চাৰী খেলপথাৰত ১৭ সংখ্যক মুখ্য মন্ত্ৰী গ’ল্ড কাপ আৰ্চাৰী টুৰ্ণামেণ্টৰ শুভাৰম্ভ হয়। ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত গৃহৰাজ্য ছিকিম, পশ্চিম বংগ আৰু ভূটানৰ পৰা অহা মুঠ ১৭ টা দলে অংশগ্ৰহণ কৰিব।

২২ এপ্ৰিলৰ পৰা ১৩ মেলৈ চলিব লগা প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি মেচত বিপক্ষে চিছেই ভূটানৰ পেণ্ডেন চিমেণ্টক ১০২-০৪ৰ বৃহৎ ব্যৱধানত অতি সহজে পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে শুভাৰম্ভণি অনুষ্ঠানত মু্খ্য অতিথি হিচাপে প্ৰাক্তন বিধায়ক কুংগা জাংপো ভূটীয়া, সন্মানীয় অতিথি হিচাপে ছিকিম অলিম্পিক সন্থাৰ সভাপতি বিকে ৰোকা, ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ সভাপতি টিটি ভূটীয়াৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

ইফালে সোমবাৰে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচত নামছী দলে গেৰুডা ব্লু দলৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দল কেইটাৰ ভিতৰত ছিকিমৰ পৰা কাবী লুংছোক, গেৰুডা ৰেড, মংগন, ৰেড বুল আৰু ছোতাক, পশ্চিম বংগৰ পৰা টোধায় জৰবাছ আৰু ভূটীয়া য়ুথ কালিমপং আৰু ভূটানৰ অংশগ্ৰহণকাৰী দল কেইটা হ’ল ছামছে, ছাউথাৰ্ণ বুলছ, হলিডে আৰু য়াংছে টুৰছ এণ্ড ট্ৰেভেলছ।

পৰম্পৰাগত আৰ্চাৰী খেলবিধক সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে প্ৰতি বছৰে ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ উদ্যোগত এই সন্মানীয় প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে।

আয়োজক সন্থাই জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফী সহিতে নগদ এক লাখ টকা আৰু বিজিত দলক ট্ৰফীৰ সৈতে নগদ পঞ্চাছ হেজাৰ টকা প্ৰদান কৰিব।