NORTHEAST NOW (Assamese)

জাগীৰোডত ভয়ানক দুৰ্ঘটনা : বাছ-ট্ৰেভেলাৰৰ মুখা-মুখি সংঘৰ্ষত কেইবাজনো আহত

April 18, 2023 4:32 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে দিনত মৰিগাঁও জিলাৰ অন্তৰ্গত জাগীৰোডত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাত কমেও ১৫ জন লোক গুৰুতৰভাৱে আহত হৈছে।

গুৱাহাটীনগাঁও সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত নগাঁও কাগজ কলৰ সমীপত এই ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি ঘাইপথত দুয়োফালে পৰা অহা এখন ট্ৰাক আৰু এখন ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত কেইবাজনো লোক আহত হয়। 

এই প্ৰতিবেদন দাখিল কৰা সময়লৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে।

দুৰ্ঘটনাটোৰ পিছতে আহতসকলক চিকিৎসাৰ বাবে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

পিছত স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Related News