জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ ডিমৌ চাৰিআলিত অগপৰ গণ স্বাক্ষৰ অভিযান
কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ অসমত জাপি দিব বিচৰাৰ প্ৰতিবাদত ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে ৰাজ্যজুৰি গণ স্বাক্ষৰ সংগ্ৰহ কৰি থকাৰ সময়তে নগাঁও জিলাৰ ৰহা সমষ্টিতো গণ স্বাক্ষৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।
শুকুৰবাৰে অসম গণ পৰিষদ দলৰ ৰহা সমষ্টিৰ জাগিয়াল জিলা পৰিষদ সমিতিৰ উদ্যোগত ডিমৌ চাৰিআলিত ৰূপায়ন কৰা হয় এক বিশাল গণ স্বাক্ষৰ কাৰ্যসূচী আৰু সজাগতা সভা।
দিনযোৰা কাৰ্যসূচীৰে ডিমৌ চাৰিআলিত অনুষ্ঠিত হোৱা এই গণ স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত অগপ দলৰ কেইবা শতাধিক কৰ্মীৰ উপৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে সহযোগ আগবঢ়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰা বিধেয়কখন বাতিলৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে নিজ নিজ স্বাক্ষৰ প্ৰদান কৰে।
গণ স্বাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ্ম গোস্বামীয়ে। এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, শিক্ষাবিদ ভূপেন কুমাৰ ডেকা, ভবেন্দ্ৰ বাগিশৰ উপৰি কেশৱ দাস, হৰিকান্ত দাস, বিনু ডেকা, নাৰায়ণ ভূঞা, ললিত ডেকা, পৰাণ দাস, ৰঞ্জিত ডেকা, জীৱন শইকীয়া, জয়ন্ত গোস্বামী আদি কৰি শতাধিক কৰ্মী উপস্থিত থাকি বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।