NORTHEAST NOW (Assamese)
অসম

জিঅ’ৰ শোচনীয় নেটৱৰ্কে জ্বলা-কলা খুৱাইছে বজালীবাসীক

Posted by: শশাংক তালুকদাৰ May 19, 2018 7:41 am
jio connection

বৰপেটা জিলাৰ অন্তৰ্গত বজালী এলেকাৰ ৰাইজ ব্যক্তিগত খণ্ডৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মালিকানাধীন ৪জি মোবাইল সেৱা অপাৰেটৰ জিঅ’ৰ অত্যন্ত শোচনীয় নেটৱৰ্কৰ বাবে চূড়ান্ত অসুবিধাৰ সন্মুখীন হৈছে।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মোবাইল কোম্পানীটোৰ সঘন কলড্ৰপ, দুৰ্বল নেটৱৰ্ক, মন্থৰ ইণ্টাৰনেটে উপভোক্তাক জ্বলাকলা খুৱাই আহিছে।

নিশাৰ ভাগত জিঅ’ৰ নেটৱৰ্ক ৫ৰ পৰা ২০ কিলোবিট/ছেকেণ্ড পৰ্যন্ত অৱনমিত হয়। পাঠশালাৰ কেতবোৰ এলেকা যেনে তিতকা আদিত নেটৱৰ্ক একেবাৰে উপলব্ধ নহয়।

এই এলেকাসমূহত থকা মোবাইল ফোনসমূহৰ নেটৱৰ্ক দৃশ্যমান নহয় আৰু গ্ৰাহকে ফোন কৰিব নোৱাৰে।

পুৰণা মোবাইল টাৱাৰসমূহ মেৰামতি কৰি আধুনিক জনজীৱনৰ অবিশ্চেদ্য অংশ হৈ পৰা মোবাইল সংযোগ সুচল কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছে।

গ্ৰাহকসকলৰ অভিযোগ এই যে তেওঁলোকে অধিক মূল্যৰ ৰিচাৰ্জ, নেট পেক ক্ৰয় কৰে যদিও সঠিক ৪জি নেটৱৰ্কৰ অভাৱত ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰে।

এতিয়া মানুহৰ জীৱন ডিজিটেল জীৱনৰে সংপৃক্ত হৈ পৰিছে আনকি ইণ্টাৰনেটৰ অবিহনে কিছুমান দোকানত টকাৰ আদান প্ৰদানো কৰিব নোৱাৰি।