NORTHEAST NOW (Assamese)
অসম

টংলাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত আলফা

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: December 1, 2017 11:12 am

ওডালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পশ্চিম নলবাৰীত কালি নিশা আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া অভিযানৰ সময়ত হোৱা গুলীয়াগুলিত এজন আলফা সদস্যৰ মৃত্যু হয়। জানিব পৰা মতে উক্ত অঞ্চলৰ এঘৰত আলফাৰ এটি দলে আত্মগোপন কৰি থকা খবৰ পাই আৰক্ষী আৰু সেনাৰ এটি দলে অভিযান চলায়। অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত আলফাৰ ( স্বাধীন) চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা নিহত হয়।

সংঘৰ্ষৰ সময়তে বাকী সদস্য কেইগৰাকী পলাই ড়াবলৈ সক্ষম হয়। সংঘৰ্ষস্থলীৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে নগদ ৬০০০ টকাকে ধৰি এটা এ কে ৪৭, ৩ টা মেগাজিন, ৩৪ টা জীৱন্ত গুলি, ২টা গ্ৰেনেড আৰু ৭টা মোবাইল।