NORTHEAST NOW (Assamese)
অসম

টংলাৰ অৰুণোদয় একাডেমিত উদীয়মান ফুটবল খেলুৱৈক সম্বৰ্ধনা

Posted by: ছাজিদ খান June 18, 2018 6:30 pm
Tangla Arunodai Academy

ওদালগুৰি জিলাৰ টংলাত অৱস্থিত অৰুণোদয় একাডেমি বিদ্যালয়ে আজি বিদ্যালয়খনৰ প্ৰাংগণত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ২০১৭ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীৰ বেটকুচিত অনুষ্ঠিত ৰিলায়েন্স ফাউণ্ডেচন যুৱ ক্ৰীড়া স্কুল, ফুটবল প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি চিটি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা উদীয়মান ফুটবলাৰ সকলক সম্বৰ্ধনা জনোৱা হয়।

সাংবাদিক ছাজিদ খানে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে অন্যান্য দিশটো নিজৰ প্ৰতিভা বিকাশৰ সুজোগ দিয়াৰ বাবে বিদ্যালয়খনৰ শলাগ লয়। ইয়াৰ উপৰি তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ খেলুৱৈসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ বাবে ৰিলায়েন্স ফাউণ্ডেচনৰো শলাগ লয়।

ভেৰগাঁও জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক ভুপেন বড়ো, বিদ্যালয়খনৰ অধ্যক্ষ নেপলিয়ন দৈমাৰি, অৰুণোদয় জুনিয়ৰ কলেজৰ অধ্যক্ষ প্ৰনৱজ্যোতি দাস আদি উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানটোত বিদ্যালয় কৰ্তৃপক্ষই ১৫ গৰাকী ছাত্ৰক খেলৰ সামগ্ৰী উপহাৰ দিয়ে।

আনহাতে ৰিলায়েন্স ফাউণ্ডেচনেও বিদ্যালয় কৰ্তৃপক্ষক ২৫,০০০ টকাৰ এখন চেক প্ৰদান কৰে।