NORTHEAST NOW (Assamese)

টীয়কত ক’ৰ’নাৰ আতংক; চিন্তাৰ কাৰণ যোৰহাটৰ এখন বিশেষ বিবাহনুষ্ঠান

June 24, 2020 7:07 pm · নিৰ্মলেন্দু পাঠক
প্ৰতিনিধিত্বমূলক ছবি

কোভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে যোৰহাট নগৰৰ সোনাৰী গাঁৱৰ এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা লক্ষ্যজিত বৰদলৈ নামৰ যুৱকজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত সৃষ্টি হোৱা আতংকই এতিয়া টীয়কতো কঁপনি তুলিছে।

টীয়কৰ পৰ্বতীয়া গাঁৱৰ পাঁচটা পৰিয়ালৰ সদস্যৰ লগতে বৰবৰা গাঁৱৰ এজন যুৱকে উক্ত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ খবৰ বিয়পি পৰাত এতিয়া চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

ঘটনাটোৰ বিষয়ে অৱগত হৈ চিকিৎসা কৰ্মীৰ এটা দলে পৰিয়াল কেইটাৰ ওচৰলৈ গৈ হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছিল যদিও প্ৰথম অৱস্থাত এই পৰামৰ্শ নামানি একাংশ সদস্য মুকলিকৈ ঘুৰি থকা পৰিলক্ষিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অৱশ্য পুনৰ চিকিৎসা কৰ্মীৰ এটা দলে কঠোৰভাৱে হোম কোৱাৰেণ্টাইনৰ নীতি-নিয়ম মানি চলাৰ নিৰ্দেশনা দিয়া বুলি জানিব পৰা গৈছে আৰু গাঁওবাসীৰ সহযোগিতাত পৰিস্থিতি বৰ্তমান স্বাভাৱিক।

ইপিনে ডিফুৰ পৰা যোৰহাটলৈ আহি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিজৰ স্বাব পৰীক্ষা কৰাৰ পিচত স্বাবৰ ফলাফল নহাকৈয়ে লক্ষ্যজিত বৰদলৈয়ে টীয়ক মেলেঙৰ এখন গাঁৱৰ এঘৰত ফুৰিবলৈ অহাৰ বিষয়েও জানিব পৰা গৈছে।

ইতিমধ্যে বৰদলৈৰ দেহত কোভিড-১৯ ধৰা পৰাত গাঁওবাসীয়ে উক্ত পৰিয়ালটোক হোম কোৱাৰেণ্টাইনত থাকিবলৈ জনোৱা অনুৰোধৰ প্ৰতি পৰিয়ালটোৱে সঁহাৰি দিছে আৰু পৰিয়ালটোৰ সদস্যসকলৰ স্বাব পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে চিকিৎসা কৰ্মীয়ে।

ইপিনে টীয়কৰ দোকান বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ। মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব, ফলত অনাগত দিনত গণ সংক্ৰমণ ঘটাৰ আশংকা কৰিছে সচেতন মহলে।

Related News