NORTHEAST NOW (Assamese)
অসম

ডকমকা কাণ্ডৰ উচিত বিচাৰৰ দাবীত পাঠশালাত মমবাতি সমদল

Posted by: শশাংক তালুকদাৰ June 11, 2018 9:43 pm
pathsala candlelight vigile

কার্বি আংলঙৰ ডকমকা এলেকাৰ পাণজুৰিত গুৱাহাটীৰ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বৰ্বৰোচিত হত্যাকাণ্ডৰ প্ৰতিবাদত পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে এক মমবাতি সমদল বাহিৰ কৰিছে।

কাৰ্বি আংলঙৰ প্ৰাকৃতিক শোভাৰ আকৰ্ষণত মুগ্ধ হৈ জিলাখনৰ পাণজুৰিলৈ ফুৰিবলৈ যোৱা নীলোৎপল আৰু অভিজিতক পাণজুৰিৰ একাংশ বাসিন্দাই শিশু অপহৰণকাৰীৰ সন্দেহত বৰ্বৰোচিতভাৱে মৰিয়াই হত্যা কৰে।

নীলোৎপল দাস আৰু অভিজিৎ নাথৰ এই লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদত বাহিৰ কৰা এই প্ৰতিবাদী সমদলত পাঠশালা বজাৰ কমিটী, পাঠশালা চেম্বাৰ্ছ অব কমাৰ্চ, সদৌ অসম ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভা, পাঠশালা জুবিন’ছ ফ্ৰে’ণ্ড’ছ ক্লাব আৰু পাঠশালাৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী সমদলটোৱে বজালী মহাবিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পাঠশালা নগৰৰ অন্তৰ্গত হৰি মন্দিৰ প্ৰাংগণত যাত্ৰাৰ সামৰণি মাৰে। জনতাই নিহত যুৱক দুজনৰ হত্যাৰ উচিত বিচাৰ দাবী কৰি প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰীসকলে হৰি মন্দিৰ প্ৰাংগণত মমবাতি জ্বলাই নিহত যুৱক দুজনৰ আত্মাৰ চিৰশান্তি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।