NORTHEAST NOW (Assamese)
অসম

ডকমকা কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ June 17, 2018 10:41 pm
ডকমকা কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি

সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডকমকাত সংঘটিত নাৰকীয় কাণ্ডত আভিযুক্ত আৰু এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ নাম অকণ দৈমাৰী বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

আনহাতে ১৫ জুনতো ডকমকা কাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা দুজন ক্ৰমে বুবাই ৰাভা আৰু বিজয় স্বৰ্গিয়াৰী বুলি চিনাক্তকৰণ কৰা হৈছিল। আৰু দুয়োজনৰে ঘৰ পাণজুৰি কছাৰীগাঁৱত বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ আজি আটক কৰা অভিযুক্তজনৰ সৈতে বৰ্তমানলৈকে ডকমকা কাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে ডকমকাৰ পানজুৰি গাঁৱত ৮ জুনত একাংশ দুৰ্বৃত্তই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথে।