‘ডান্স ইণ্ডিয়া ডান্স’ৰ বাচনিৰ বাবে নিৰ্বাচিত কোকৰাঝাৰ হাদানপাৰাৰ শিশু নাচনী গৌৰী ব্ৰহ্ম
বিপিএফৰ সম্বৰ্ধনা
ডান্স ইণ্ডিয়া ডান্সৰ এই মাহত মুম্বাইত হ’বলগীয়া বাচনিৰ বাবে কোকৰাঝাৰ হাদানপাৰাৰ গৌৰী ব্ৰহ্ম নিৰ্বাচিত হৈছে।
গুৱাহাটী আৰু ক’লকাতাত ক্ৰমে ১৯ আৰু ২২ ফেব্ৰুৱাৰিত অনুষ্ঠিত ডিআইডিৰ দু্য়োটা বাচনিতে গৌৰী নিৰ্বাচিত হৈছে।
বাবুল ব্ৰহ্ম আৰু নিশা ব্ৰহ্মৰ কন্যা গৌৰীক নৃত্যৰ প্ৰশিক্ষণ দিছিল হেমপ্ৰভা ইজলাৰি আৰু ম’ম’ বসুমতাৰীয়ে।
কোকৰাঝাৰৰ বড়োলেণ্ড অতিথি গৃ্হত আজি বিপিএফে উদীয়মান নাচনীগৰাকীক এখন পৰম্পৰাগত আৰনাই আৰু ১ লাখ টকাৰে সম্বৰ্ধনা জনায়।
বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে গৌৰীক সম্বৰ্ধনা জনায়।