NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত তিনিটা নতুন পথৰ আধাৰশিলা স্থাপন

Posted by: অভিক চক্ৰবৰ্তী January 1, 2018 9:54 pm
 নৱবৰ্ষৰ প্ৰথম দিনটোতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জিলাখনত তিনিটা নতুন পথৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ স্থানীয় ৰাইজৰ উপস্থিতিত বিষ্ণু নগৰ পথ, পূবালী পথ আৰু নামঘৰ পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে জনায় যে পথকেইটাৰ নিৰ্মাণৰ বাবে ৬১,৩১,৪৪০ টকা অনুমোদন কৰা হৈছে। এই উপলক্ষে আয়োজিত এখন জনসভাক  উদ্দেশ্যি তেওঁ কয়-‘ আমাৰ চৰকাৰে ৰাজ্যখনত ভাল পথ নিৰ্মানৰ বাবে দায়বদ্ধ। অাগন্তক দিনত আমি ডিব্ৰুগড়ত আৰু অধিক ৰাস্তা নিৰ্মাণ কৰিম।’ উল্লেখযোগ্য টি এচ পি পথ নিৰ্মাণ আঁচনিৰ অধিনত নিৰ্মাণ হ’ব লগীয়া উক্ত পথ কেইটাৰ মুঠ দৈৰ্ঘ হৈছে ১১১৩.০০ কি.মি। পথ কেইটাৰ নিৰ্মাণে যাতায়তৰ সমস্যাক সমাধান কৰিব বুলি আশা প্ৰকাশ কৰি স্থানীয় ৰাইজে ইয়াক নৱবৰ্ষৰ উপহাৰ হিচাপে গণ্য কৰিছে।