NORTHEAST NOW (Assamese)

ডিব্ৰুগড় বিশ্ববিদ্যালয় মহিলা ভলীবলত ফিজিকেল এডুকেইশ্যন চূড়ান্ত বিজয়ী

February 26, 2018 10:03 am · এন ই নাও নিউজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰৱাস আৰু আন্তঃবিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফিজিকেল এডুকেইশ্যন বিভাগে চূড়ান্ত বিজয়ী হৈছে।

ইয়াৰ পূৰ্বে ছেমি ফাইনেলত ফিজিকেল এডুকেইশ্যন ডিপাৰ্টমেণ্টে এডুকেইশ্যন বিভাগক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে ৰানাৰ্ছ-আপ হয় বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগ।

যোৱা শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাখনত মুঠ ২৮টা দলে অংশগ্ৰহণ কৰিছিল।

কুসুম দিহিঙীয়াৰ নেতৃত্বৰ ফিজিকেল এডুকেইশ্যন বিভাগ আৰু ময়ূৰী ফুকনৰ নেতৃত্বৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ মাজত হোৱা চূড়ান্ত খেলখন বেচ উত্তেজনাপূৰ্ণ হৈ উঠাৰ লগতে দৰ্শকৰ বাবেও উপভোগ্য হৈ উঠিছলি ৷

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বেজৰবৰুৱা, অধ্যাপক তথা মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিৱাসৰ ৱাৰ্ডেন ড০ প্ৰাণজিৎ বৰা, ফিজিকেল এডুকেইশ্যন কেন্দ্ৰৰ সহকাৰী অধ্যাপক বিমল চন্দ্ৰ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ সন্থাৰ সভাপতি উত্তৰণ গোস্বামী আৰু সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাই বিজয়ী দলকেইটাক ট্ৰফি, মানপত্ৰ, নগদ ধন আৰু মেডেল প্ৰদান কৰে। ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ খেলুৱৈ ময়ূৰী ফুকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ‌ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

Related News