NORTHEAST NOW (Assamese)

ডিমৌত অনুষ্ঠিত হ’ব অচ‍্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতা

January 2, 2018 11:58 am · হিতোজ্বল চেতিয়া

ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ইং ৪,৫ আৰু ৬ জানুৱাৰীত ২০১৮ ডিমৌ ৰাজহুৱা খেলপথাৰত ১৫ তম্ অচ‍্যুত বৰুৱা সোঁৱৰণী ছিনিয়ৰ পুৰুষ-মহিলা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠিত হ’ৱলগীয়া উক্ত দিবা- নৈশ প্ৰতিযোগিতাখনৰ ৪ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য উদ্বোধক হিচাপে উপস্থিত থাকিব অসমৰ কৃষি মন্ত্ৰী অতুল বৰাদেৱ। ইয়াৰোপৰি অৰ্জুন ভোগেশ্বৰ বৰুৱা, অসম হেণ্ডবল সন্হাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, সম্পাদক গৌতম চৌধুৰী আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ দেৱে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন জিলাৰ পুৰুষৰ ১৬ টা দল আৰু মহিলাৰ ১২টা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে। প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী তথা সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া মন্ত্ৰী নৱ দলে  অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। আনহাতে প্ৰতিযোগিতাখন সাফল‍্যমণ্ডিত কৰি তুলিবৰ বাবে শিৱসাগৰ জিলাৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সহযোগ কামনা কৰিছে ডিমৌ হেণ্ডবল ক্লাৱৰ সভাপতি অৰূপ দত্ত আৰু সম্পাদক মঞ্জুৰ আলি দেৱে ।

Related News