NORTHEAST NOW (Assamese)

ডিমৌত কৃষকৰ ওপৰত লুণ্ঠন চলাইছে সাৰ ব্যৱসায়ীয়ে

June 18, 2018 7:30 am · হিতোজ্বল চেতিয়া

অলপতে শিৱসাগৰ ডিমৌত এখন ৰাসায়নিক সাৰ বিক্ৰী প্ৰতিষ্ঠানত সাৰ বিক্ৰী কৰাৰ নামত অত্যধিক মূল্য লোৱাৰ তথ্য পোহৰলৈ আহিছে।

ডিমৌ কুশল পথৰ সন্মুখতে থকা ‘কৃষি সাৰথি’ নামৰ কৃষি বিভাগৰ অনুমোদন প্ৰাপ্ত ৰাসায়নিক হাৰ বিক্ৰী কৰা প্ৰতিষ্ঠানটোত গাঁৱৰ  চহা লোকসকলক প্ৰৱঞ্চনা কৰি অত্যধিক মূল্য আদায় লোৱা কথা পোহৰলৈ অহাৰ পিছতেই কৃষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৰ স্বত্ত্বাধিকাৰী মনোজ চাহুৱে  গাঁৱৰ লোকসকলক ঠগি ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ ওপৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অত্যধিক মূল্য আদায় লৈ মুনাফা লুটাত লাগিছে।

প্ৰাপ্ত তথ্য মতে প্ৰতি পঞ্চাশ কেজি বেগৰ য়ুৰিয়া পেকেটত এম আৰ পি ২৯৫.৪৫ টকা লিখা থকাৰ পিছতো মনোজে লৈছে ৪১০ টকা। একেদৰে এম অ’ পি (পটাচ)ৰ দাম বজাৰত ১৪ ৰ পৰা ১৫ টকা চলি আছে যদিও ব্যৱসায়ীজনে কৃষক সকলক  ২১.৪৫ টকা দামত বিক্ৰী কৰি আছে।

এনেদৰে ব্যৱসায়ী জনে নিজ খেয়াল খুচি মতে দাম নিৰ্ধাৰণ কৰি কেইবাদিনৰ পৰাই গ্ৰাহকক ৰাম ঠগন দি আহিছে। তদুপৰি ব্যৱসায়ীজনে কৃষি বিভাগৰ নিৰ্দেশনাক অমান্য কৰি  প্ৰতিষ্ঠানটোত সাৰৰ মূল্য তালিকা ওলোমাই ৰখা নাই।

সেয়েহে উক্ত বিষয়টোৰ সন্দৰ্ভত উপযুক্ত তদন্ত কৰিবলৈ কৃষকসকলে স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে।

Related News