NORTHEAST NOW (Assamese)

ডিমৌৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ তাণ্ডৱ

June 16, 2018 11:46 am · হিতোজ্বল চেতিয়া
Updated: June 16, 2018 11:51 am
প্রতিনিধিত্বমূলক ফটো

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ মাজমজিয়াৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শুকুৰবাৰে নিশা দুস্কৃতিকাৰীয়ে লুট-পাট চলাই বিভিন্ন সা-সামগ্ৰী চুৰ কৰি নিয়ে।

ঘটনা অনুসৰি শুকুৰবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ‘হৰি ওম’ নামৰ মোবাইল বিক্ৰী কৰা দোকানখনৰ পৰা দুস্কৃতিকাৰীয়ে কেইবাটাও মোবাইল হেণ্ডচেট, হোম থিয়েটাৰ মিউজিক চিষ্টেম আদি চুৰ কৰি নিয়ে।

তদুপৰি, মোবাইল দোকানখনৰ একেবাৰে কাষতে লাগি থকা এখন হোটেলত চোৰকেইটাই প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে নগদ ধন লুট কৰি নিয়ে। এই ঘটাৰ সন্দৰ্ভত দোকান কেইখনৰ স্বত্বাধিকাৰি কেইজনে ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

বৰ্তমান ডিমৌত এনেধৰণৰ ঘটনাৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। উল্লেখ্য যে যোৱা মাহত ডিমৌৰ পৰা এখন ইণ্ডিকা গাড়ীত গৰু চুৰ কৰা ঘটনাত আৰক্ষীয়ে এতিয়ালৈকে এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল।

Related News