NORTHEAST NOW (Assamese)
অসম

ডিমৌৰ পৰা শিৱসাগৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা দেখুৱাইছে যাত্ৰীক

Posted by: হিতোজ্বল চেতিয়া April 20, 2018 12:50 pm
CYMERA_20180420_112358

মৰণ ফাণ্ডত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা কেইবামাহৰ পৰা  যেন পুখুৰী লৈ ৰূপান্তৰিত হৈ আছে।

ডিমৌৰ পৰা শিৱসাগৰ নগৰলৈকে সদাব্যস্ত এই ৰাষ্ট্ৰীয় পথটোৰ মাজত সৃষ্টি হৈছে পুখুৰীসদৃশ ডাঙৰ ডাঙৰ গাঁত। যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সাংঘাটিকভাৱে অসুবিধাৰ সৃষ্টি হৈছে। উজনি অসমৰে যোগাযোগৰ মূল সম্বল এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যেন মৰণফাণ্ডহে পাতিছে  ।

চাৰিচকীয়া বাহন বাদেই দুচকীয়া বাহনো সুকলমে যাব নোৱাৰে এই সুদীৰ্ঘ পথছোৱাইদি। পথটোৰ দুৰাৱস্থাৰ ফলত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ গৈছে বহুজনৰ আৰু বহুজন পংগু হ’বলগীয়া হৈছে।

লক্ষ্যণীয় কথা হ’ল, প্ৰসূতি বা অন্যান্য ৰোগী অথবা যিকোনো জৰুৰীকালীন অৱস্থাত কোনেও নিৰ্দিষ্ট সময়ত গন্তব্য স্থান পাব নোৱাৰে। বিহুৰ বতৰতো পথচাৰী-যাত্ৰীৰ বিলাই বিপত্তিৰ অন্ত নোহোৱা হৈছে। ভগ্নপ্ৰায় পথটোৱেদি অহা-যোৱা কৰি এতিয়া কঁকালৰ বিষত ভুগিছে বহু যাত্ৰী।

আনহাতে, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় পথটোৰ কাষত প্ৰকাণ্ড নলা খন্দাৰ ফলতো নামি আহিছে আন এক বিপদ। দৈনিক এই পথেদিয়েই অহা-যোৱা কৰে মন্ত্ৰী-আমোলাই। তদুপৰি, খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপ দেখি ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে যদিও সেয়া আজি পৰ্যন্ত কাৰ্যত পৰিণত নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

এনেদৰে কোনেও গুৰুত্ব নিদিয়াৰ ফলত দৈনিক গাড়ী-মটৰত আহ-যাহ কৰা সৰ্বসাধাৰণ লোকে যমৰ যাতনা ভূগিবলগীয়া। উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালতো এই পথচোৱা যাতায়তৰ সুচল নহ’ল।

এতিয়া পৰিৱৰ্তনৰ আশ্বাসেৰে শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল চৰকাৰেও বৰ্তমানলৈকে কোনোধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।