NORTHEAST NOW (Assamese)
অসম

ড০ ভীমৰাও আম্বেদকাৰৰ জন্মজয়ন্তী : আন্তঃজাতি বিবাহ কৰোৱা ৫টা দম্পতীলৈ মুখ্য মন্ত্ৰীয়ে দিলে ৫০ হাজাৰকৈ টকা

Posted by: এন ই নাও নিউজ April 14, 2018 5:14 pm
Dr_Ambedkar

আজি দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ নিৰ্মাণৰ এজন প্ৰধান কাৰিকৰ সমাজ সংস্কাৰক, ৰাজনীতিবিদ, আইনবিদ, অৰ্থনীতিবিদ বাবাচাহেব খ্যাত ড০ ভীমবৰ আম্বেদকাৰৰ ১২৭তম জন্মজয়ন্তী।

এই উপলক্ষে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰীভাৱে পতা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অসম সচিবালয়ৰ প্ৰৱেশদ্বাৰত থকা মহান নেতাজনৰ প্ৰতিমূৰ্তিত ফুল দি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

CM_Intercaste

অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সঞ্চালকালয়, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু অনুসূচিত জাতি কল্যাণ নিগমৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ বাবে থকা চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে এই ছাত্ৰী-ছাত্ৰীসকলৰ যিসকলে উচ্চ শিক্ষা ল’ব বিচাৰে বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰে তেওঁলোকলৈ চৰকাৰে সহায় আগ বঢ়াব।

ইয়াৰ উপৰি অনুষ্ঠানটোত ৫ টা নৱবিবাহিত আন্তঃজাতি (intercaste) দম্পতীৰ প্ৰতিটোকে ৫০ হাজাৰকৈ টকা প্ৰদান কৰে। এই টকা আন্তঃজাতি বিবাহৰ বাবে থকা বিত্তীয় উদগনি আঁচনিৰ অধীনত দিয়া বুলি মুখ্য মন্ত্ৰীজনে জানিবলৈ দিয়ে। শিতানত দিয়া