NORTHEAST NOW (Assamese)
অসম

ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 22, 2017 10:18 am
ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

‘পাপৰ ফলত কেন্সাৰ হয় বুলি হিমন্ত বিশ্বই কৰা মন্তব্য দুৰ্ভাগ্যজনক আৰু হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যই প্ৰতিজন কেন্সাৰ ৰোগীকে মনত আঘাত দিছে।’ এই মন্তব্য কৰে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ। উল্লেখযোগ্য যে  কালি এখন সভাত সাংবাদিকৰ আগত  স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ চিগাৰেট সেৱনৰ বাবে নহয়, পূৰ্ব জন্মৰ পাপৰ ফলতহে হয় বুলি কৈছিল। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষকসকলক নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত দায়িত্ববোধৰ কথা সোঁৱৰাই দিবলৈ যাওঁতে তেওঁ কেন্সাৰ ৰোগক ডিভাইন জাষ্টিচ বুলি কৈছিল।