NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচনত নিবনুৱা সমস্যা হ’ব কংগ্ৰেছৰ মূল ইচ্ছ্যু : লুইজিন’ ফেলেৰিঅ’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 27, 2019 9:51 pm

‘আগন্তুক লোকসভা নিৰ্বাচনত নিবনুৱা সমস্যা হ’ব কংগ্ৰেছৰ মূল ইচ্ছ্যু।‘ আজি খানাপাৰাস্থিত হোটেল তাজ ভিভান্তাত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মেঘালয় আৰু অৰুণাচলৰ তত্বাবধায়ক লুইজিন ফেলেৰিঅ’ই।

সংবাদমেলতে বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে শাসনত অহাৰ পাছৰে পৰা কোনোধৰণৰ পদক্ষেপ হাতত লোৱা নাই বুলি অভিযোগ তুলি ফেলেৰিঅ’ই কয় যে, ‘উত্তৰ-পূবত বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে নিবনুৱা সমস্যা সমাধান কৰিম বুলি কৈছিল।‘

ফেলেৰিঅ’ই কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে বহিঃৰাজ্যলৈ যাব লগীয়া নহ’ব বুলি পুনৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰোপৰি উত্তৰ-পূবত বিজেপি দলক প্ৰতিহত কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ককো এক অন্যতম নিৰ্বাচনী ইচ্ছ্যু হিচাপে ল’ব বুলি সংবাদমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে কয়।

‘নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ-পূববাসীক বহু কষ্ট দিলে। এই বিধেয়ক আনি বিজেপিয়ে উত্তৰ-পূববাসীৰ ভাষা-সংস্কৃতি সকলো কাঢ়ি নিব বিচাৰিছিল।‘ এইদৰে কয় ফেলেৰিঅ’ই।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ইমান প্ৰৱল আন্দোলন হৈছিল যদিও অসমলৈ অমিত শ্বাহ পুনৰ আহি এই বিধেয়ক গৃহীত কৰা হ’ব বুলি ঘোষণা কৰাৰ বাবে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰে ফেলেৰিঅ’ই।

‘অমিত শ্বাহে উত্তৰ-পূবৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মনৰ বেদনা উপলব্ধি কৰিব নোৱাৰে। তেওঁ উত্তৰ-পূববাসীৰ মৰ্ম-বেদনা উপলব্ধি কৰিব পৰাহেঁতেন বিধেয়ক গৃহীত হ’ব বুলি সজোৰে ঘোষণা নকৰিলেহেঁতেন।‘ সংবাদমেলত এই মন্তব্য ফেলেৰিঅ’ৰ।