NORTHEAST NOW (Assamese)
অসম

পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ ভাৰতৰ প্ৰাক্তন সেনাপ্ৰধানৰ

Posted by: অপৰ্ণা লস্কৰ February 27, 2019 10:26 pm

পুলৱামা বিস্ফোৰণৰ পিছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ শংকা ক্ৰমে বৃদ্ধি পোৱাৰ সময়তে দুয়োখন দেশৰ মাজত পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ কৰিছে প্ৰাক্তন সেনাপ্ৰধান তথা বৰ্তমান বিজেপি চৰকাৰখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে।

আজি শিলচৰ ভ্ৰমণলৈ অহা সিঙে শিলচৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি এই পূৰ্বানুমান দাঙি ধৰে। অৱশ্যে এই সম্ভাৱনা নাকচ কৰিও প্ৰাক্তন সেনাপ্ৰধানজনে পাকিস্তানে তেনে ভুল কৰিলে কঠোৰতম উত্তৰ দিয়া হ’ব বুলি সকীয়নি দিয়ে।

“হিৰোশ্বিমাৰ পিছত কোনো দেশে আন এখন দেশৰ বিৰুদ্ধে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰা নাই। গতিকে সেই ফালৰ পৰা চাবলৈ গ’লে পাকিস্তানেও আমাৰ বিৰুদ্ধে তেনে কৰাৰ সম্ভাৱনা খুব কম। কিন্তু যদি তেনেকুৱা পৰ্য্যায়লৈ যায়, আমি তেওঁলোকক কঠোৰ প্ৰত্যুত্তৰ দিম”, প্ৰাক্তনপ্ৰধান তথা বৰ্তমান বিজেপিৰ এজন নেতা সিঙে নিজৰ পূৰ্বানুমানৰ সপক্ষে যুক্তি দি কয়।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আৰম্ভ কৰা “ভাৰত কী মন কি বাত আপ কে চাথ” নামৰ এটা দলীয় কাৰ্য্যসূচী লৈ শিলচৰলৈ অহা সিঙে দলীয় কৰ্মী, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱীৰ সৈতে বাৰ্তালাপৰ সময়ত পুলৱামা আক্ৰমণ আৰু তাৰ পিছৰ ভাৰত-পাকিস্তানৰ জটিল সম্পৰ্কটোৰ বিষয়েও নিজৰ মত দাঙি ধৰে।

পুলৱামাত কেনেকৈ জৈইছ-এ-মহম্মদৰ সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত আক্ৰমণ কৰাটো সম্ভৱ হ’ল বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সেনাপ্ৰধানজনে কয়, “মই তাত জি অ’ চি হিচাপেও আৰু পিছত সেনাপ্ৰধান হিচাপেও কাম কৰি আহিছো। আমাৰ গোটেই কাশ্মীৰতে শক্তিশালী বাহিনী আছে। কিন্তু আমি যেনেকৈ পৰিকল্পনা কৰো তেনেকৈ সন্ত্ৰাসবাদীয়েও একেই পৰিকল্পিতভাৱে কাম কৰে। আমি চকু টিপিওৱাৰ সুযোগতে তেওঁলোকে কিবা এটা কৰি দিব পাৰে। ঘটনাটোৰ তদন্ত চলি আছে আৰু বিষয়টোত লাহেকৈ অধিক জানিব পাৰিম।”

তেওঁ পুলৱামা-কাণ্ডৰ বাবে পাকিস্তানক জগৰীয়া কৰি কয়,  “আমি পাকিস্তানক সকীয়াই দি আহিছো আৰু এই অপৰাধত উচটনি দিয়াসকলৰ নাম দি আহিছো। পাকিস্তানৰ চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। তাৰ ফলতে পুলৱামাৰ ঘটনা হ’ল আৰু আমাক প্ৰত্যাঘাত কৰিবলৈ বাধ্য কৰিলে।”

আনপিনে ৰাজ্যসভাত পাছ কৰিবলৈ ব্যৰ্থ হোৱা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বিজেপিৰ নেতাজনে কয়, “বিধেয়কখনৰ যথেষ্ট গুৰুত্ব আছে। একাংশই ইয়াক নুবুজি বা ইয়াৰ মূল উদ্দেশ্যলৈ নগৈ সমালোচনা কৰিলে। এদিন হ’লেও আমি এই বিধেয়ক পাছ কৰিমেই।”