NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী পদৰ দাবীদাৰ বিপ্লব কুমাৰ দেবৰ মাণিক সৰকাৰক সাক্ষাৎ

Posted by: এন ই নাও নিউজ March 4, 2018 6:13 pm
Biplab-Deb

ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ প্ৰধান দাবীদাৰ বিপ্লব কুমাৰ দেবে আজি ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰক সাক্ষাৎ কৰে।

চিপিআই (এম)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিপ্লব কুমাৰ দেবে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক লগ ধৰিছিল।

উল্লেখযোগ্য যে শুক্ৰবাৰে নতুন দিল্লীস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰা ত্ৰিপুৰাৰ মিন পালন আৰু সমবায় উন্নয়ণ মন্ত্ৰী প্ৰয়াত খগেন্দ্ৰ জামাটিয়াক অন্তিম শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে দেব চিপিআই (এম)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল।

সাংবাদিকৰ আগত দেবে কয়, ‘মই এতিয়াও বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা নাই। মই মাণিক দাক লগ ধৰি তেওঁৰ পৰা আশিৰ্বাদ বিচাৰো। তেওঁ মোতকৈ যথেষ্ট জ্যেষ্ঠ তথা এজন অভিজ্ঞ লোক।’

নিৰ্বাচনী যুঁজৰ প্ৰথমটো প্ৰয়াসতে বিজয় লাভ কৰিবলৈ সক্ষম হোৱা দেবে বনমালিপুৰ সমষ্টিৰ পৰা প্ৰতিদন্দিতাত অৱতীৰ্ণ হৈ চিপিআই (এম)ৰ প্ৰাৰ্থী অমল চক্ৰবৰ্তীক ৯,৫৪৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতি বিপ্লব কুমাৰ দেবে দলটোৰ কেডাৰ তথা সংশ্লিষ্ট সকলোকে ৰাজ্যখনত শান্তি বৰ্তাই ৰখাৰ লগতে কোনো ধৰণৰ হিংসাত জড়িত নহ’বলৈ আহ্বান জনাই।