NORTHEAST NOW (Assamese)

ত্ৰিপুৰা গ্ৰামীন বেংকে আজি পালন কৰিছে ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিবস

December 21, 2017 12:03 pm · এন ই নাও নিউজ
ত্ৰিপুৰা গ্ৰামীন বেংকৰ অধ্যক্ষ মহেন্দ্ৰ মোহন গোস্বামীয়ে বেংকটোৰ ৪২ তম প্ৰতিষ্ঠা দিবস উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰা মুহূৰ্তত

ত্ৰিপুৰা গ্ৰামীন বেংকে আজি বেংকিং সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীৰে ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিবস পালন কৰিছে।

আগৰতলাৰ মাতংগিনি প্ৰেক্ষাগৃহত এখন বৃহৎ ঋণ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত উপস্থিত থাকিব ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী তপন চক্ৰৱৰ্তী আৰু বেংকটোৰ শীৰ্ষ বিষয়াসকল। বেংকটোৱে মুঠতে হিতাধিকাৰীসকলৰ মাজত প্ৰায় ৭৫ কোটি টকাৰ ঋণ প্ৰদান কৰিছে।

ইয়াৰ আগেয়ে বুধবাৰে আগৰতলাৰ অভয়নগৰত থকা ত্ৰিপুৰা গ্ৰামীন বেংকৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি বেংকটোৰ অধ্যক্ষ মহেন্দ্ৰ মোহন গোস্বামীয়ে বেংকটোৰ ব্যৱসায় সম্পৰ্কে অৱগত কৰে। বেংকটোৱে ধাৰাবাহিকভাৱে ১৭ বছৰি ধৰি লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত বেংকটোৱে ৮৭.৬৮ কোটি টকাৰ লাভ অৰ্জন কৰিছে। গোস্বামীয়ে লগতে কয় যে গ্ৰামীন বেংকটোৱে ইয়াৰ মুঠ লাভ ৫৭.৬০ শতাংশ বৃদ্ধি কৰিছে। অৰ্থাৎ ২০১৬ ৰ ৩০ ছেপ্টেম্বৰৰ ২২.৮৩ কোটি টকাৰ পৰা ২০১৭ ৰ ৩০ ছেপ্টেম্বৰত ৩৫.৯৮ কোটি টকালৈ বৃদ্ধি পাইছে।

ত্ৰিপুৰা গ্ৰামীন বেংকৰ লাভৰ বিশদ দাঙি ধৰি গোস্বামীয়ে কয় যে ২০১৭ ৰ ৩০ ছেপ্টেম্বৰৰ আগৰ ২২৪.৪১ কোটি টকাৰ পৰা ২০১৭ ৰ ৩০ ছেপ্টেম্বৰলৈ ২৬২.৫৮ কোটি টকা আয় অৰ্জন কৰিবলৈ সক্ষম হৈছে বেংকটোৱে আৰু এই আয় বৃদ্ধিৰ হাৰ ১৭.০১ শতাংশ। তেওঁ লগতে বেংকটোত জমাৰ পৰিমাণ ১৫ শতাংশ বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে।

ত্ৰিপুৰা গ্ৰামীন বেংকটো ত্ৰিপুৰাৰ অনগ্ৰসৰ লোকসকলৰ আৰ্থ-সামাজিক মান উন্নত কৰি তোলাৰ লক্ষ্যৰে ১৯৭৬ চনৰ ২১ ডিচেম্বৰত স্থাপন কৰা হৈছিল।

বৰ্তমান বেংকটোৰ গোটেই ত্ৰিপুৰাত ১৪৪ টা শাখা আৰু ১৩ টা ক্ষুদ্ৰ শাখা আছে আৰু ৰাজ্যখনত শাখা নেটৱৰ্কৰ ফালৰ পৰা এই বেংকটোৱো হৈছে বৃহৎ বেংক।

ত্ৰিপুৰা গ্ৰামীন বেংকৰ ১৪৪ টা ১০৩ টা শাখা গ্ৰাম্য অঞ্চলত আছে যিটো শাখা নেটৱৰ্কৰ ফালৰ পৰা ৭১ শতাংশ হ’ব।

 

Related News