NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট মৌমিতা দেবৱাৰ্মাক সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ April 20, 2018 2:08 pm
moumita debbarma

ত্ৰিপুৰা ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট মৌমিতা দেবৱাৰ্মাক অলপতে চেপাহিজালা জিলাৰ বিশ্ৰামগঞ্জত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত সন্মানিত কৰাৰ লগতে তেওঁ লাভ কৰা কৃতকাৰ্যতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি ত্ৰিপুৰাৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেবৱাৰ্মাই মৌমিতাক শুভেচ্ছা প্ৰদান কৰে। লগতে তেওঁ কয় যে আমাৰ ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত প্ৰতিভাৰ অভাৱ নাই। যদিহে তেওঁলোকক প্ৰতিভা বিকাশ কৰাৰ বাবে আমি উন্নত পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰো তেনেহ’লে তেওঁলোক সঠিক দিশত আগবাঢ়ি যাব পাৰিব। এই ক্ষেত্ৰত আমাৰ চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম।

উপ মুখ্য মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানতে ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ সোমদেৱ দেবৱাৰ্মা, আন্তঃৰাষ্ট্ৰীয় জিমনাষ্ট দীপা কৰ্মকাৰ, ইণ্ডিয়ান আইড’ল বিজেতা সুৰভী দেবৱাৰ্মা আৰু মৌমিতা দেবৱাৰ্মাই নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিভাৰ উমান দি বিশ্বত ত্ৰিপুৰাৰ নাম উজলোৱাৰো উদাহৰণ দিয়ে।

মৌমিতা দেবৱাৰ্মাৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি উপ মুখ্য মন্ত্ৰী ৱৰ্মাই কয়, ‘প্ৰত্যেক ৰাজ্যৰে বৈচিত্ৰময় সংস্কৃতি আছে। আমাৰ কৃষ্টি সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়ায় নিবলৈ সকলো ত্ৰিপুৰাবাসী ৰাইঝ আগবাঢ়ি আহিব লাগিব’।

আনহাতে উক্ত অনুষ্ঠানতে উপ মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী বাচাও, বেটী পঢ়াও’ আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ প্ৰসংগ টানি আনি মৌমিতা দেবৱাৰ্মাক এই অভিযানত অংশ লৈ সমাজক এই ক্ষেত্ৰত সচেতন কৰিবলৈ আহ্বান জনায়।

চেপাহিজালা জিলা প্ৰশাসন আৰু ট্ৰিপুৰা ট্ৰাইবেল এমপ্লইজ এছ’চিয়েশ্যনৰ যুটীয়া উদ্যোগত উক্ত সম্বৰ্ধনা অনুষ্ঠানখন আয়োজন কৰা হয়।