NORTHEAST NOW (Assamese)
অসম

২১ এপ্ৰিলত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ৭৯ তম প্ৰতিষ্ঠা দিৱস

Posted by: এন ই নাও নিউজ April 20, 2018 2:19 pm
Assam-state-museum-570x320

অসম সংগ্ৰাহালয় সঞ্চালকালয়ে ইয়াৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ৭৯ তম প্ৰতিষ্ঠা দিৱসৰ লগতে ইণ্ডিয়ান আৰ্ট হিষ্টৰী কংগ্ৰেছৰ ২৬ তম প্ৰতিষ্ঠা দিৱস শনিবাৰে পালন কৰিব। ইয়াৰ লগতে বাংগালোৰৰ ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ আৰ্টছ (আই এফ এ)ৰ সহযোগত গঠিত আৰ্কাইভ এণ্ড মিউজিয়াম ফেল’শ্বিপৰ চূড়ান্ত ফলাফলসমূহো প্ৰকাশ পাব।

আই এফ এ ৰ কাৰ্যবাহী সঞ্চালক অৰুন্ধতী ঘোষে বুৰঞ্জীয়ে আকৰ্ষণ কৰা কলাৰ ব্যৱধান, অন্তৰ্ধান আৰু নীৰৱতাৰ সম্পৰ্কত ‘’গেপছ, ইৰোশ্বৰছ, ছাইলেন্সেছ : দ্য আৰ্ট প্ৰভোকছ হিষ্টৰী’’ শীৰ্ষক উদ্বোধনী ভাষণ প্ৰদান কৰিব।

এই অনুষ্ঠান উপলক্ষে বিভিন্ন বিষয়বস্তুৰ ওপৰত তিনিটা বিষয়ভিত্তিক প্ৰদৰ্শনী তথা প্ৰতিস্থাপনৰ (ইনষ্টলেশ্যন) প্ৰদৰ্শন কৰা হ’ব।

বিষয়ভিত্তিক প্ৰদৰ্শনীসমূহ হ’ল : সংগ্ৰহালয়সমূহ নিশা বন্ধ হয় যাৰ আঁত ধৰিব অধ্যাপক মৃগাংক মধুকল্যই। ব্ৰহ্মপুত্ৰৰ সংস্কাৰ শীৰ্ষক বিষয়ৰ আঁত ধৰিব সুভাশ্ৰী পুৰকায়স্থই আৰু আনটো বিষয় ইন্টিগ্ৰেটিং স্পেচেছ : নাগা ৰিয়েলমৰ আঁত ধৰিব সয়ান্তন মৈত্ৰ বোকাই।

প্ৰথম দুখন প্ৰদৰ্শনী অহা ২৮ এপ্ৰিললৈকে চলিব আৰু শেষৰখন ৩১ মে’লৈকে থাকিব।

এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক সংগ্ৰহালয়ত ২০১৭ বৰ্ষটোত বিভিন্ন প্ৰদৰ্শনী, বক্তৃতানুষ্ঠান, তথ্যচিত্ৰৰ প্ৰদৰ্শন আদি অনুষ্ঠিত কৰা হৈছিল আৰু এতিয়াৰ অনুষ্ঠানটো হৈছে আইএফএ আৰু ৰাজ্যিক সংগ্ৰহালয়ৰ যৌথ সহযোগিতাত ঐতিহ্য শিক্ষাক শক্তিশালী কৰা তথা আগবঢ়াই নিয়াৰ এক প্ৰচেষ্টা।