NORTHEAST NOW (Assamese)

দক্ষিণ শালমাৰাত সংঘটিত  কেইবা কোটিটকীয়া বান সাহায্য পুঁজিৰ কেলেংকাৰিৰ তদন্ত আৰম্ভ চি আই ডিৰ

March 17, 2018 11:57 am · মুকেশ কুমাৰ সিং
Updated: March 17, 2018 1:17 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

উপ অধীক্ষক এছ চাংছেনৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) এটা চাৰিজনীয়া গোটে অসমৰ মানকাচাৰ জিলাৰ দক্ষিণ শালমাৰাৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যাৰ্থে মুকলি কৰি দিয়া পূঁজিৰ ধন  আত্মসাত কৰা সকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

সংবাদমাধ্যমৰ হাতত পৰা তথ্য অনুসৰি,মানকাচাৰ জিলাখনৰ বানাক্ৰান্ত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰাৰ বাবে ২০১৬-১৭ বৰ্ষত ৰাজ্য চৰকাৰে ৪.১৫ কোটি টকা মোকোলাই দিছিল।

কিন্তু অভিযোগ উঠিছে যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে সেই ধনখিনি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা নাই।

চি আই ডিৰ ওচৰত অভিযোগ দাখিল কৰা বৰো পাট্টাকাটা গাঁৱৰ আজিজুৰ ৰহমান নামৰ ব্যক্তিজনে কৈছে যে চৰকাৰে ওপৰত উল্লেখ কৰা ধনৰাশি মুঠ ১৬৩টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰাৰ বাবে মোকোলাই দিছিল।

প্ৰতিটো খহনীয়াত ঘৰ-মাটি হেৰোৱা প্ৰতিটো পৰিয়াললৈ অনুমোদন কৰা ধনৰ পৰিমাণ আছিল ৯৫,১০০ টকা।

অভিযোগ অনুসৰি দক্ষিণ শালমাৰাৰ সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ চক্ৰ বিষয়া এ কে ইলিয়াছ আহমেদ, আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ স্বামী মিৰাজুল হক, এজন আব্দুল আজিজ নামৰ ব্যক্তি, এজন স্থানীয় মধ্যভোগী, আৰু এজন মণ্ডলে লগ হৈ এটা ৰাষ্ট্ৰীয় বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ভুৱা হিতাধিকাৰীৰ নামত একাউন্ট খুলি ধনখিনি আত্মসাৎ কৰিছিল।

অভিযোগকাৰী আজিজুৰ ৰহমানে নৰ্থইষ্ট নাওক টেলিফোনযোগে জনোৱা মতে  চি আই ডিৰ দলটোৱে প্ৰত্যেকজন হিতাধিকাৰীৰ ঘৰলৈ গৈ পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে তেওঁলোকৰ বক্তব্য ৰেকৰ্ড কৰিছে।

এই সন্দৰ্ভত আজিজুৰ ৰহমানৰ অভিযোগৰ ভিত্তিত চি আই ডিয়ে  ওপৰোক্ত লোককেইজনৰ বিৰুদ্ধে ভাৰতৰ দণ্ডবিধি আইনৰ ১২০(খ)৪০৬/৪২০/৪৬৮ ধাৰা অনুসৰি নম্বৰত ৯/২০১৮ এটি গোচৰ ৰুজু কৰিছে।

Related News