NORTHEAST NOW (Assamese)

দক্ষিণ শালমাৰাত ৫ জন জিএনএলএ সদস্যক আটক অসম আৰক্ষীৰ

March 18, 2018 9:35 am · মুকেশ কুমাৰ সিং
Updated: March 18, 2018 2:45 pm

দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে শনিবাৰে এক তালাচী অভিযানৰ সময়ত গাৰো লিবাৰেইশ্যন আৰ্মি (জিএনএলএ)ৰ পাঁচজন দুৰ্ধৰ্ষ  সদস্যক দক্ষিণ শালামাৰা-মানকাচৰৰ জিলা সদৰ হাটশিঙীমাৰিৰ পৰা আটক কৰে।

গ্ৰেপ্তাৰ হোৱা বিদ্ৰোহী সদস্য কেইজনক বিজয় ডি চাংমা (২৫ বছৰ), ছেংকাল মৰান (২২ বছৰ), এছ ডি চাংমা (২৫ বছৰ), চানাং টি চাংমা (২১ বছৰ) আৰু মকিবিল ইছলাম (২৪ বছৰ) বুলি চিনাক্ত কৰা হৈছে।

এটা পিষ্টল, এটা মেগাজিন আৰু আন অস্ত্ৰ-শস্ত্ৰকে ধৰি মোবাইল ফোন, আপত্তিজনক নথি-পত্ৰৰ লগতে AS-01-AG-9528 নম্বৰৰ পঞ্জীয়ন কৰা এখন গাড়ী তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে তেওঁলোকে দক্ষিণ শালমাৰাৰ হাটশিঙীমাৰিৰ পৰা এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল।

ইতিমধ্য তদন্ত চলি আছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিদ্ৰোহী কেইগৰাকীৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।

 

Related News