NORTHEAST NOW (Assamese)

দুৰ্লভ আৰু মূল্যৱান ৪ হাজাৰ ঐতিহাসিক নথিপত্ৰ ডিজিটেলি উপলব্ধ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে

January 30, 2018 10:40 pm · প্ৰণৱ কুমাৰ দাস
Updated: January 30, 2018 10:46 pm

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰই আজি এটা উল্লেখযোগ্য পদক্ষেপ লৈ অসমৰ দুৰ্লভ ঐতিহাসিক পুথি-পাঁজি কিছুমান ডিজিটেল জগতত পোৱাৰ ব্যৱস্থা কৰে। অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ নেতৃত্বত এই বৃহৎ আৰু আদৰণীয় কামটো সম্পন্ন হৈছে বুলি আমাক এটা সূত্ৰই জানিবলৈ দিছে।

আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এটা কাৰ্য্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য এম এম শৰ্মাই এই ডিজিটাইজড ঐতিহাসিক নথিবোৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এইবোৰ এতিয়াৰ পৰা বিশ্ববিদ্যালয়খনৰ ৱেবছাইত মানুহে চাব পাৰিব।

কেন্দ্ৰটোৰ অধ্যাপক দেৱগোস্বামীৰ উপৰি ড০ জুৰি দত্ত, আৰু গৱেষণা সহায়ক ড০ সঞ্জীৱ ডেকাই এই বৃহৎ প্ৰকল্পটো হাতত লৈছিল বুলি সূত্ৰটোৱে কয়। জানিব পৰামতে প্ৰায় ৪ হাজাৰ নথিপত্ৰ এই প্ৰকল্পৰ জৰিয়তে ডিজিটেলাইজড কৰা হৈছে। ইয়াৰ মাজত বহুতো মূল্যৱান তথা সহজে নোপোৱা পুৰণি নথিপত্ৰ আৰু কিতাপ তথা সাঁচিপাতৰ পুথিও আছে।

১৮৭৬ চনত প্ৰকাশ কৰা কীৰ্তন আৰু নামঘোষাৰ প্ৰথম সংস্কৰণ, সাঁচিপাতৰ পাণ্ডুলিপি, দশম স্কন্ধ ভাগৱত(বৰপেটা সত্ৰ), অনন্ত কন্দলীৰ ৰামায়াণ (বৰপেটা সত্ৰ), নামঘোষা (ব্ৰহ্মপুৰ বীণাপাণি লাইব্ৰেৰী, জামুগুৰি), হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ প্ৰথম সংস্কৰণ, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিগত দিনলিপি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতেলিখা পাণ্ডুলিপি আদি অতি দুৰ্লভ আৰু মূল্যৱান নথিপত্ৰ এই প্ৰকল্পৰ জৰিয়তে ডিজিটেল জগতত উপলব্ধ কৰা হৈছে।

কেন্দ্ৰটোৱে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা সম্পৰ্কীয় (১৯৪৮) চৰকাৰী নথিপত্ৰও এই পদ্ধতিৰে উপলব্ধ কৰি তুলিছে।

কাৰ্য্যসূচীটোত ভাষণ দি অধ্যাপক দেৱগোস্বামীয়ে কয় যে ইয়াৰ জৰিয়তে গৱেষক, ছাত্ৰ, শিক্ষাবিদসকল যথেষ্ট উপকৃত হ’ব।

Related News