NORTHEAST NOW (Assamese)

দ্ৰুত গতিত গলিছে হিমালয়ৰ বৰফ! ভাৰত আৰু পাকিস্তানৰ সংকট সমাগত

June 22, 2023 12:23 pm · এন ই নাও নিউজ, গুৱাহাটী

গোলকীয় উষ্ণতা বৃদ্ধিক লৈ গৱেষকসকল ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। উষ্ণতা বৃদ্ধিৰ, সাগৰৰ জলপৃষ্ঠ আৰু অকাল বৰষুণ – গৱেষকসকৰ বাবে হৈ পৰিছে চিন্তনীয় বিষয়। ইয়াৰ লগতে হিমালয় পৰ্বতৰ বৰফ দ্ৰুত গতিত গলি যোৱা ঘটনাই চিন্তিত কৰি তুলিছে গৱেষক আৰু বিজ্ঞানী সকলক।

শেহতীয়াকৈ ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্টৰ গৱেষণা প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০১১ চনৰ পৰা ২০২০ চনলৈ হিমালয়ৰ হিমালয়ৰ বৰফ ৬৫ গুণ বেগেৰে গলিছে। এই কথাই গৱেষকসকলক চিন্তিত কৰি তুলিছে। তেওঁলোকৰ মতে, যদি এনেদৰে চলি থাকে তেন্তে ভৱিষ্যতে প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পাব।

এই অধ্যয়নৰ মুখ্য গৱেষক ফিলিপছ ৱেষ্টাৰে কয়, “পৰিৱেশ পূৰ্বতকৈ উষ্ণ হৈ আহিছে”। এনে অৱস্থাত বৰফ গলি যোৱাটো স্বাভাৱিক যদিও বৰফ গলাৰ হাৰ চিন্তাৰ কাৰণ। গৱেষকসকলে দাবী কৰিছে যে এই শতিকাৰ শেষৰ ফালে হিমালয়ৰ ৮০ শতাংশ হিমবাহ গলি যাব পাৰে।

গৱেষকসকলে এই পৰিঘটনাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দোষাৰোপ কৰে। ইয়াৰ পূৰ্বে গৱেষকসকলে বিশ্ববাসীক বহুবাৰ সতৰ্ক কৰি দিছে যদিও একো লাভ হোৱা নাই। 

গৱেষকসকলৰ মতে এই দশকৰ ভিতৰত ৫০ শতাংশ বৰফ গলি যাব, যাৰ ফলত কেইবাখনো দেশ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। লক্ষণীয় কথাটো হ’ল আমাৰ দেশ ভাৰত সেই তালিকাত আছে৷ 

Related News