NORTHEAST NOW (Assamese)

দৰঙৰ হীৰাপাৰাত জিলা কোচ-ৰাজবংশী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন

January 18, 2018 8:55 pm · এন ই নাও নিউজ
Updated: January 18, 2018 8:57 pm

আজি মূল মণ্ডপৰ লাই খুঁটা স্থাপনৰ লগে লগে অহা ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ’ব লগা দৰং জিলা কোচ-ৰাজবংশী সন্মিলনীৰ ৭১ তম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিয়ে গতি লাভ কৰিছে।

অধিৱেশনখন মংগলদৈৰ ওচৰৰ হীৰাপাৰা গাঁৱত অনুষ্ঠিত হ’ব।

আজি হীৰাপাৰা গাঁৱৰ প্ৰস্তাৱিত স্থানত আনুষ্ঠানিকভাৱে অধিৱেশনখনৰ লাই খুঁটা স্থাপন কৰে মংগলদৈৰ বিধায়ক তথা অধিৱেশন খনৰ আয়োজক সমিতিৰ মুখ্য পৃষ্ঠপোষক গুৰুজ্যোতি দাসে।

আজিৰ লাই খুঁটা স্থাপন অনুষ্ঠানত বহুসংখ্যক স্থানীয় লোক আৰু আয়োজক সমিতিৰ বিষয়ববীয়াৰ লগতে সভাপতি দিনেশ্বৰ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলাৰ উপদেষ্টা ভাৱেশ কাকতি, দৰং আছুৰ সভাপতি খনীন্দ্ৰ ৰাজবংশীও উপস্থিত থাকে।

Related News