NORTHEAST NOW (Assamese)

ধুবুৰীত ছোৱালী অনাথ আশ্ৰমৰ আবাস গৃহ উদ্বোধন ৰেড হৰ্ণ ডিভিজৰ

February 27, 2018 10:38 pm · অভিক চক্ৰবৰ্তি

ভাৰতীয় সেনাৰ সদ্ভাৱনা কাৰ্যসূচীৰ অন্তৰ্গত ৰেড হৰ্ণ ডিভিজনে আজি ধুবুৰীৰ বিলাসিপাৰাত অৱস্থিত নতুন হাঠীপটা গাঁৱৰ ছোৱালী অনাথ আশ্ৰমৰ আবাস গৃহ উদ্বোধন কৰে।

পৰ্যাপ্ত আন্তঃগাঠনিৰ অভাৱত অনাথ আশ্ৰমটোত ছোৱালী বিলাক দুখলগা অৱস্থাত থাকিবলগীয়া হৈছিল। যাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড হৰ্ণ ডিভিজনে উক্ত আবাস গৃহটো নিৰ্মাণ কৰে।

স্থানীয় লোক তথা সেনা আৰু জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত বিলাসিপাৰাৰ মহকুমাধিপতি ছৰফৰাজ হকে উদ্বোধন কৰে। এই উপলক্ষে আজি এক বৰ্ণাঢ্য অনুষ্ঠানৰো আয়োজন কৰা হয়।

স্থানীয় লোকসকলক সম্বোধন কৰি মহকুমাধিপতি গৰাকীয়ে শান্তি আৰু সম্প্ৰিতি বজাই ৰখাৰ লগতে সমাজৰ উন্নয়নত অৰিহণা যোগোৱাৰ বাবে সেনা বাহিনীক কৃতজ্ঞতা প্ৰদান কৰে।

Related News