NORTHEAST NOW (Assamese)

নগাঁৱত ৰকিবুল হুছেইনৰ সম্পত্তিত তালাচী আৰক্ষীৰ দুৰ্নীতি নিবাৰক কোষৰ

April 19, 2018 11:33 pm · এন ই নাও নিউজ

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ নগাঁৱত থকা সম্পত্তিত আজি ১৯ এপ্ৰিলত তালাচী চলাই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গোচৰৰ ভিত্তিত আজিৰ এই তালাচী চলোৱা হৈছে।

গুৱাহাটীৰ পৰা আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীৰ নেতৃত্বত যোৱা এটা ৮ জনীয়া দলে আজি এটা পে’ত্ৰল পাম্প, চলাচাৰ ৰেষ্টুৰেণ্টকে ধৰি নগাঁৱৰ কেবাটাও স্থানত তালাচী চলায়।

আনহাতে আৰক্ষীৰ তালাচীৰ পিছতে নগাঁৱত এক সংবাদমেল আয়োজন কৰি ৰকিবুল হুছেইন তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰি কয় যে ‘যদি অভিযোগ অনুযায়ী মোৰ বিৰুদ্ধে এটাও প্ৰমাণ আনিব পাৰে, তেন্তে তিনিগুণ শাস্তি মই মানি ল’ম।’

হুছেইনে তদন্তসমূহত ‘সততাৰে সহযোগ’ কৰি যাব বুলি আৰু ‘যদি ভয় খুৱাবলৈ তদন্ত কৰিছে মই ভয় নাখাও সাহসেৰে যুঁজি যাম’ বুলিও মন্তব্য কৰে।

তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে অহা দুই-এদিনতে সোধা-পোচাৰ বাবে হুছেইনক জাননী দিয়াৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে অনিল ৰাজাই ৰকিবুল হুছেইনৰ নামে-বেনামে অসংখ্য সম্পত্তি আছে বুলি কিছুদিন আগতে সংবাদ মাধ্যমলৈ এখন তালিকা প্ৰেৰণ কৰাৰ লগতে এটা গোচৰো ৰুজু কৰিছিল।

ৰাজাৰ অভিযোগৰ বিপৰীতে হুছেইনে ৰাজাৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰিছিল।

Related News