NORTHEAST NOW (Assamese)

নগাঁৱৰ চলচলিত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

May 23, 2018 8:52 pm · মিন্টূ দাস
নগাঁৱৰ চলচলিত জব্দ কৰা কাঠভৰ্তি বাহনখন। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ চামগুৰি বিধান সভা সমষ্টিৰ চলচলিত এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা হয়। নগাঁও সদৰ আৰু শালনা আঞ্চলিক বন বিভাগৰ যৌথ অভিযানত যোৱা নিশা কাঠখিনি জব্দ কৰে।

জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে। অৱশ্যে, বন বিভাগৰ দলটোৱে কাঠখিনিৰ চোৰাং সৰবৰাহৰ সন্দৰ্ভত এজনো অসাধু ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল।

দীৰ্ঘদিন ধৰি বন বিভাগে অভিযান চলাই বহু কাঠফলা কল আৰু কাঠৰ গাড়ী জব্দ কৰিছে যদিও কাঠফুলাৰ দৰে পলকতে চামগুৰিৰ বিভিন্ন ঠাইত গঢ়ি উঠে কাঠফলা কল আৰু চোৰাং কাঠৰ সৰবৰাহ।

বন বিভাগৰ অজ্ঞাতে নগাঁও জিলাত লাখ লাখ টকাৰ চোৰাং কাঠ সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াক ৰোধ কৰাৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ৰাজ্যৰ বন বিভাগে বনানীকৰণৰ বাবে ব্যাপক আঁচনি গ্ৰহণ কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কাঠৰ চোৰাং বেপাৰীসকলে গছ কাটি তহিলং কৰাৰ ফলত এই আঁচনিৰ সুফল ধৰা দেখা নাযায়। বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ হ’লে অবৈধ কাঠৰ ব্যৱসায় বন্ধ কৰাটো অত্যন্ত জৰুৰী বুলি মত প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে।

Related News