NORTHEAST NOW (Assamese)

নলবাৰী আৰু বৰপেটাত ৰাজ্য চৰকাৰে নিযুক্তি দিলে নতুন আৰক্ষী অধীক্ষক

January 31, 2018 8:56 am · এন ই নাও নিউজ

মঙলবাৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ তিনিজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক অদল-বদল কৰে।

বদলিকৰণৰ সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা এক অধিসূচনা অনুসৰি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শিলাদিত্য চেতিয়াক নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।

উল্লেখযোগ্য যে নলবাৰী আৰক্ষী অধীক্ষক হিচাপে দীৰ্ঘ দিনে কৰ্মৰত হেমন্ত ভট্টাচাৰ্যই বুধবাৰ অৰ্থাৎ আজি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব। সেই বাবেই ৰাজ্য চৰকাৰে এই ৰদ বদলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৰপেটাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াক নলবাৰীলৈ বদলি কৰি তৃতীয় আৰক্ষী বেটেলিয়নৰ অধিনায়ক ভায়োলেট বৰুৱাক বৰপেটালৈ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে।

আনহাতে তৃতীয় আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হয় হাইলাকান্দিত কৰ্মৰত ২১ নং এ পি আই আৰ বেটেলিয়নৰ অধিনায়ক মৃদুল কুমাৰ দত্তক।

Related News