NORTHEAST NOW (Assamese)

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ ২২৭ খনক বৈধ ঘোষণা

February 8, 2018 10:34 pm · এন ই নাও নিউজ
নাগালেণ্ড

৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ পৰীক্ষণৰ পিছত বৃ্হস্পতিবাৰে ২২৭ খন বৈধ ঘোষিত হৈছে। ২২ গৰাকী প্ৰাৰ্থীক বাদ দি বাকী সকলো প্ৰাৰ্থীয়ে কালি অৰ্থাৎ মনোনয়ন দাখিলৰ অন্তিম দিনাহে নিজৰ মনোনয়্ন দাখিল কৰে।

১৩ সংখ্যক নাগালেণ্ড বিধানসভাৰ বাবে আজি ৰাজ্যজুৰি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। নাগালেণ্ডৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া এন ম’ৱা আয়াৰে জাৰি কৰা এক বিবৃতি অনুসৰি ৩৩ চুৰুহ’ত’ সমষ্টিৰ এজন প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষা ১০ ফেব্ৰুৱাৰিলৈ পিছুৱাই দিয়া হৈছে।

অৱশ্যে কাৰ কাৰ বা কোন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে সেয়া এতিয়ালৈকে নিৰ্বাচন আয়োগে জনোৱা নাই। ১২ ফেব্ৰুৱাৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত সিনহাই জনায় যে ৪৮ গৰাকীমান প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব বুলি আশা কৰা হৈছে।

মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ ৫ গৰাকী মহিলা।

এন পি এফ (Naga People’s Front), এন দি পি পি (Nationalist Democratic Progressive Party), এন পি পি (National People’s Party), বিজেপি, কংগ্ৰেছ, জে ডি (য়ু), এল জি পি, এন চি পি আৰু আপক ধৰি মুঠ ৯ টা ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

মককচাং জিলাত সৰ্বাধিক ৪৮ গৰাকী আৰু মন জিলাত ৪১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

এই নিৰ্বাচনত এন পি এফ আৰু বিজেপি-এন দি পি পিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে।

আনহাতে জেদিয়ু দলে আজি ক’হিমাত নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে।

Related News