NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি একেলগে সম্ভৱ হ’ব নোৱাৰে : তৰুণ গগৈ

Posted by: এন ই নাও নিউজ August 7, 2018 8:23 am
TarunGogoi-570x320

‘যদি আপোনালোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰিছে, তেন্তে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ ক কেনেকৈ সমৰ্থন কৰিব পাৰে? দুয়োটা একেলগে কেনেকৈ সম্ভৱ হ’ব পাৰে?’—এইদৰে প্ৰশ্ন উত্থাপন কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে।

সোমবাৰে দিল্লীত অনুষ্ঠিত কৰা এখন সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে  অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কয় যে যদিহে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ গৃহীত হয়, তেনেহ’লে এন আৰ চি অসাৰ হ’ব।

গগৈয়ে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰখনক বিধেয়কখন বাতিলৰ বাবে পৰামৰ্শ দিবলৈ বিজেপিৰ সভাপতি অমিত শ্বাহক আহ্বান জনায়।

আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰা বিসংগতিপূৰ্ণ বুলি দাবী কৰি এন আৰ চিৰ ভিত্তি ২০১৬ৰ ভোটাৰ তালিকাহে হ’ব লাগিছিল বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে সংবাদমেলত ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা তথা অবৈধ বাংলাদেশী বিতাড়ন সম্পৰ্কত বিজেপিক শ্বেতপত্ৰ প্ৰকাশৰ বাবে প্ৰত্যাহ্বান জনায়।