NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ’লেই অসমত দ্বিতীয় অসম আন্দোলনৰ সূচনা হ’ব : বিধায়ক পবিন্দ্ৰ ডেকা

Posted by: এন ই নাও নিউজ April 24, 2018 1:56 pm
Citizenship Amendment Bill, 2016

নাগৰিকত্ব সংশোধনী বিধেযক, ২০১৬ৰ বিৰোধিতাৰে তথা এই বিধেয়কখন তাৎক্ষণিকভাৱে বাতিলৰ দাবীত ২৩ এপ্ৰিলত টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনে টিহুত এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীটোত অগপৰ উপ-সভাপতি তথা বিধায়ক পবিন্দ্ৰ ডেকায়ো অংশগ্ৰহণ কৰে।

নিজৰ বক্তব্যত শাসনাধিষ্ঠিত মৰ্চাৰ বিধায়ক ডেকাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬’ সংসদত গৃহীত হ’লেই অসমত দ্বিতীয় অসম আন্দোলনৰ সূচনা হ’ব। লগতে তেওঁ কয় যে উক্ত বিধেয়ক সংসদত গৃহীত হোৱাৰ লগে লগে অগপ মিত্ৰজোঁটৰ পৰা আঁতৰি আহিব বুলি কৈ কয় যে এয়া অগপৰ সৰ্বসন্মত সিদ্ধান্ত। তেওঁ স্পষ্টভাৱে কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি চৰম ভাবুকি অহাটো নিশ্চিত। বিধায়কগৰাকীয়ে কয় “বিদেশী বিদেশীয়ে। ইয়াৰ কোনো জাতি-ধৰ্ম নাই।”

তেওঁ অসম চুক্তিৰ আধাৰতহে অবৈধ বিদেশী নাগৰিকৰ বহিষ্কাৰ হ’ব লাগিব তেওঁ স্পষ্ট ভাষাৰে কয়।

কালিৰ প্ৰতিবাদী কাৰ্যসূচীটোত অংশ গ্ৰহণ কৰা চি পি আই (এম)ৰ নেতা জগৎ গোস্বামীয়ে অসমৰ বৃহত্তৰ স্বাৰ্থত অগপ-বিপিএফ দলক বিজেপিৰ সংগ ত্যাগ কৰিবলৈ মুকলি আহ্বান জনায়।

সভাত চি পি আই (এম)ৰ নেতা কৰুণা কলিতা, আছু নেতা হীৰেন ভট্টাচাৰ্য, প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, প্ৰমোদ ডেকা, কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়া সঞ্জয় কলিতা, দশৰথ পাঠক, অগপ নেতা দ্বীজেন্দ্ৰ কুমাৰ গোস্বামীকে ধৰি বিভিন্ন দল-সংগঠনৰ ভালেসংখ্যক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰাৰ লগতে ভাষণ দিয়ে। ধৰ্মঘট কাৰ্যসূচীৰ পাছতে জ্যেষ্ঠ নাগৰিক সন্মিলনে এই বিষয়ত প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।